কেৰালাত এইবাৰ নিপা ভাইৰাছৰ আতংক

0
396
কৰ’না ভাইৰাছৰ দ্বিতীয় জোৱাৰ মাৰ নৌযাওঁতেই এইবাৰ ভয়াৱহ নিপা ভাইৰাছে কেৰালাত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ উত্তৰ কেৰালাৰ কোজিকোডত এটি বাৰ বছৰীয়া কিশোৰ এই ভয়াৱহ নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ৫ ছেপ্টেম্বৰত অতি কৰুণভাৱে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কিশোৰটি যোৱা এসপ্তাহৰ আগতে তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল৷ এই ৰোগে কিশোৰটিক মগজুক আক্ৰান্ত কৰে বুলি চিকিৎসালয়ৰ সূত্ৰে জানিব পৰা গৈছে৷ প্ৰথমাৱস্থাত কিশোৰটিক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ কিন্তু তাতে কিশোৰটি আৰোগ্য নহ’ল৷ কিশোৰজনৰ মৃত্যু হোৱাৰ পাছতে চিকিৎসালয় এক শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ কিশোৰটিৰ সান্নিধ্যত থকা পৰিয়ালৰ লোক চিকিৎসাকৰ্মীকে ধৰি প্ৰায় ১৫০ গৰাকী লোকক চিনাক্ত কৰি ইতিমধ্যে পৃথকে ৰখাৰ ব্যৱস্থা কৰিছে৷ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে পুনেস্থিত নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজিৰ এটা দলে যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত ২০১৮ চনত উক্ত অঞ্চলতে ১৭ গৰাকী লোকৰ মৃত্যু হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here