কেন্দ্ৰৰ সতৰ্কবাণী : মহামাৰী শেষ হোৱা নাই, সন্তুষ্টিৰ কাৰণ নাই

0
1116
কেন্দ্ৰই কয় যে ভাৰতত যোৱা সপ্তাহত কভিড-১৯ৰ সংক্ৰমণৰ ৫৩ শতাংশ আছিল মহাৰাষ্ট্ৰ আৰু কেৰালাৰ৷ কেন্দ্ৰই দৃঢ়তাৰে কয় যে এই মহামাৰী শেষ হ’বলৈ বহু বাকী আছে আৰু সন্তুষ্টিৰ কোনো কাৰণ নাই৷ এখন সংবাদমেলত জ্যেষ্ঠ বিষয়াসকলে কয় যে দেশখনে এতিয়াও দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে যুঁজি আছে আৰু কভিড-১৯ শেষ হোৱা বুলি হোৱা ভুল ধাৰণা সলনি কৰিবলৈ আমি চেষ্টা কৰিব লাগিব৷ চৰকাৰে কয় যে পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থানসমূহত কভিড প্ৰট’কল নামানি হোৱা মানুহৰ ভিৰ অতি উদ্বেগজনক আৰু এনে কাৰ্যই ভাইৰাছ বিয়পাৰ বিপদ বৃদ্ধি কৰিব৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে কয় যে যোৱা সপ্তাহত দেশখনত হোৱা মুঠ সংক্ৰমণৰ ৫৩ শতাংশ মহাৰাষ্ট্ৰ আৰু কেৰালাৰ৷ নতুনকৈ হোৱা সংক্ৰমণৰ ৮০ শতাংশ ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০খন জিলাৰ৷ তেওঁ কয় যে ৮ জুলাইত শেষ হোৱা সপ্তাহটোত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬৬খন জিলাত কভিড-১৯ৰ পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here