কেন্দ্ৰৰ পৰামৰ্শ : নৱবৰ্ষ অনুষ্টুপীয়াকৈ পালন কৰক || Centre’s call for austere New Year celebration

0
341

কেন্দ্ৰীয় চৰকাৰে কয় যে দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এইপৰ্যন্ত ১০১জন লোকৰ কৰ’না ভাইৰাছৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হৈছে আৰু অনুষ্টুপীয়াকৈ নতুন বছৰ পালন কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়ে৷ মহাৰাষ্ট্ৰত নতুনকৈ আঠজন আৰু কেৰালাত দুজন লোকৰ অ’মিক্ৰনৰ সংক্ৰমণ হয় আৰু ফলত দেশখনত আক্ৰান্ত লোকৰ সংখ্যা ১১১লৈ বৃদ্ধি পায়৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দেশত অ’মিক্ৰন ভেৰিয়েণ্টৰ দ্ৰুত সংক্ৰমণ হৈছে আৰু সকীয়াই দিয়ে যে ১৯খন জিলাত ক’ভিড-১৯ৰ সংক্ৰমণ বেছি হোৱাৰ আশংকা আছে৷ মন্ত্ৰ্যালয়ে কয় যে যোৱা ২০ দিনত ক’ভিড-১৯ৰ দৈনিক সংক্ৰমণ ১০ হাজাৰৰ তলত আছে যদিও নতুন ভেৰিয়েণ্টটোৰ কাৰণে আৰু অন্যান্য দেশত আক্ৰান্ত লোকৰ সংখ্যাবৃদ্ধি পোৱাৰ কাৰণে সতৰ্ক হৈ থকা প্ৰয়োজন৷ সেয়ে জনসাধাৰণে অনাৱশ্যকীয় ভ্ৰমণ এৰাই চলা উচিত৷ তদুপৰি তেওঁলোক জনসমাগম আৰু বৃহৎ সমাৱেশৰ পৰা আঁতৰি থকা উচিত আৰু নতুন বছৰ পালন অনুষ্টুপীয়া কৰা প্ৰয়োজন৷ ক’ভিড-১৯ৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আশংকা থকাৰ কাৰণে চৰকাৰে ফে’চ মাস্ক ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি সুৰক্ষামূলক ব্যৱস্থাসমূহ মানি চলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷ উদ্বেগজনক কথাটো হৈছে প্ৰথমতে দক্ষিণ আফ্ৰিকাত ধৰা পৰা অ’মিক্ৰন ভেৰিয়েণ্টটো এতিয়া ৭৭খন দেশলৈ বিয়পি পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here