কেন্দ্ৰৰ নতুন গাইড লাইন: কিমান বছৰৰ তলৰ শিশুৰ মাস্ক পিন্ধাৰ প্ৰয়োজন নাই?

0
953
দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ শাম কটাৰ সময়তে তৃতীয়টো ঢৌক লৈ শংকা বৃদ্ধি পাইছে৷ তৃতীয়টো ঢৌ শিশুসকলৰ বাবে বিপজ্জনক হ’ব বুলি কোৱা হৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কৰ’নাৰ সংক্ৰমণ হোৱা শিশুৰ চিকিৎসাৰ বাবে নীতি-নিৰ্দেশনা জাৰি কৰে৷ ইয়াত সংক্ৰমিত শিশুৰ চিকিৎসাত ৰেমডেছিভিৰ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷ ইয়াত উল্লেখ কৰা অনুসৰি ৰেমডেছিভিৰৰ ১৮ বছৰৰ কম বয়সৰ শিশুৰ ক্ষেত্ৰত কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ তথ্যৰ অভাৱ আৰু সেয়েহে ইয়াক ব্যৱহাৰৰ কৰাৰ পৰা আঁতৰি থাকিব লাগে৷ আনহাতে সংক্ৰমিত শিশুৰ অভিভাৱকৰ উপস্থিতিত আঙুলিত অক্সিমিটাৰ লগাই ছয় মিনিট খোজ কাঢ়িবলৈ দিয়াৰ পৰামৰ্শ দিয়া হৈছে৷ সেই সময়ত তেওঁৰ শৰীৰত অক্সিজেন ছেচুৰেশ্যনৰ মাত্ৰা আৰু পাল্‌চ ৰেট জুখিবলৈ কোৱা হৈছে৷ যদিহে সেই সময়ত শিশুৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায় বা উশাহ ল’বলৈ অসুবিধা পালে, তেনে শিশুক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে৷ আনহাতে শিশুৰ ভালদৰে চালি-জাৰি চাইহে চিটি স্কেন কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ চিকিৎসালয়ত সংকটজনক তথা অতি সংকটজনক ৰোগীকহে ষ্টেৰয়ড দিয়াৰ পৰামৰ্শ দিছে স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ শিশুক মাস্ক পিন্ধি থাকিবলৈ, সঘনাই হাত ধুবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে৷ সংক্ৰমণৰ সাধাৰণ লক্ষণ দেখিলে চিকিৎসকৰ পৰামৰ্শ ক্ৰমে ঔষধ সেৱন কৰিবলৈ, ডিঙি খচ্‌খচালে আৰু কাহ হ’লে গৰম পানীৰে কুলিকুলি কৰিবলৈ কোৱা হৈছে৷ আনহাতে ৫ বছৰৰ কম বয়সৰ শিশুৱে মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here