কেন্দ্ৰৰ কি এই পি এম পোষণ আঁচনি ? What is the PM Poshan scheme of the Centre?

0
765
কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ নামৰ এখন নতুন আঁচনিৰ প্ৰৱৰ্তনত অনুমোদন জনায়৷ এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত  বিদ্যালয়সমূহৰ প্ৰাথমিক শ্ৰেণীৰ কোটি কোটি শিশুক গৰম আহাৰ যোগান ধৰা হ’ব৷ এই আঁচনিখন পাঁচ বছৰ চলাবলৈ ব্যয় হ’ব প্ৰায় ১.৩১ লাখ কোটি টকা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা-বিষয়ক কেবিনেট কমিটীৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ কেবিনেট বৈঠকৰ পাছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে বৰ্তমান মধ্যাহ্ন ভোজন আঁচনিখনত ভালেমান নতুন উপাদান অন্তৰ্ভুক্ত কৰি পি এম পোষণ শক্তি নিৰ্মাণ আঁচনিখন প্ৰৱৰ্তন কৰা হ’ব৷ অৰ্থাৎ মধ্যাহ্ন ভোজন আঁচনিখনৰ নাম এতিয়াৰ পৰা হ’ব পি এম পোষণ আঁচনি৷ এই আঁচনিখন ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ পাঁচ বছৰৰ বাবে ৰূপায়ণ কৰা হ’ব৷ আঁচনিখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৫৪,০৬১.৭৩ কোটি টকা আৰু ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনে ব্যয় কৰিব ৩১,৭৩৩.১৭ কোটি টকা৷ কেন্দ্ৰীয় চৰকাৰে লগতে খাদ্য শস্যৰ বাবদ অতিৰিক্ত প্ৰায় ৪৫ হাজাৰ কোটি টকা ব্যয় কৰিব৷ ফলত আঁচনিখনৰ বাবে মুঠ ব্যয় হ’ব ১ লাখ ৩০ হাজাৰ ৭৯৪.৯০ কোটি টকা৷ পি এম পোষণ আঁচনিয়ে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত পঢ়ি থকা প্ৰাক্‌-প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ সকলো শিশুক সামৰি ল’ব৷ এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে সমগ্ৰ দেশখনৰ ১১.২০ লাখ বিদ্যালয়ত পঢ়ি থকা প্ৰায় ১১.৮০ কোটি শিশুক এই আঁচনিখনে সামৰি ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here