কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ নতুন কভিড নিৰ্দেশনা

0
1676

এসপ্তাহত পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ বেছি হ’লে অথবা হাস্পাতালৰ বিছনা ৬০ শতাংশতকৈ বেছি পূৰ্ণ হ’লে সমগ্ৰ অঞ্চল বা এখন জিলাকে কণ্টেইনমেণ্ট ঘোষণা কৰা হ’ব৷

কভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰে নতুন এছ অ’ পি৷ এই নিৰ্দেশনা অনুসৰি এসপ্তাহত পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ বেছি হ’লে অথবা হাস্পাতালৰ বিছনা ৬০ শতাংশতকৈ বেছি পূৰ্ণ হ’লে সমগ্ৰ অঞ্চল বা এখন জিলাকে কণ্টেইনমেণ্ট ঘোষণা কৰা হ’ব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি ১৪  দিনৰ বাবে বাহাল থাকিব এই কঠোৰ নিষেধাজ্ঞা৷ কণ্টেইমেণ্ট হ’লে প্ৰযোজ্য হ’ব সান্ধ্য আইন৷ এই সময়ছোৱাত বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান, শ্বপিংমল, ৰেস্তোৰাঁ, জিম, বাৰ, ছুইমিং পুল, স্প’ৰ্টছ কমপ্লেক্স আদি৷ ৫০জন লোকৰ উপস্থিতিতহে সম্পন্ন হ’ব পাৰিব বিবাহ অনুষ্ঠান৷ আনহাতে মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ শ্মশানত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব৷ চিটিবাছ বা অন্য ৰাজহুৱা পৰিবহণত ৫০ শতাংশ যাত্ৰীৰ অনুমতিৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহতো উপস্থিত থাকিব পাৰিব ৫০ শতাংশ লোক৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱাৰ বাবে আন্তঃৰাজ্যিক যাতায়াত অব্যাহত থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here