কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য : কভিডৰ দ্বিতীয় ঢৌৰ তীব্ৰতা আৰু উগ্ৰতা প্ৰথম ঢৌৰ সৈতে প্ৰায় একে

0
1439

কভিড-১৯ মহামাৰী সম্পৰ্কীয় কিছুমান তুলনামূলক তথ্য যোৱা ২১ এপ্ৰিলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে৷ তথ্যবোৰত দেখুওৱা হৈছে যে চলি থকা কভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ তীব্ৰতা, উগ্ৰতা আৰু ভুক্তভোগীসকলৰ জনসংখ্যা প্ৰথমটো ঢৌৰ সৈতে প্ৰায় একে৷ এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ১৪৬খন জিলাত কভিড-১৯ৰ পজিটিভিটিৰ হাৰ ১৫ শতাংশতকৈ বেছি, ২৭৪খন জিলাত পজিটিভিটিৰ হাৰ ৫%–১৫% ৰ ভিতৰত৷ উল্লেখযোগ্য যে দ্বিতীয়টো ঢৌ প্ৰথমটোতকৈ বেছি শক্তিশালী আৰু বেছি সৰ্বনশীয়া বুলি দেশখনত আতংক বৃদ্ধি পোৱাৰ পাছত কেন্দ্ৰই এই তথ্য বা পৰিসংখ্যা প্ৰকাশ কৰে৷ ভূষণে দিয়া তথ্য মতে, প্ৰথমটো ঢৌত ১০ বছৰৰ তলৰ ৪.০৩% শিশু কভিড-১৯ত আক্ৰান্ত হৈছিল, দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈছে ২.৯৭%৷ প্ৰথমটো ঢৌত ১০–২০ বছৰৰ ভিতৰত ৮.০৭% শিশু-কিশোৰ আক্ৰান্ত হৈছিল, দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈছে ৮.৫০ শতাংশ৷ ২০–৩০ বছৰৰ ভিতৰৰ ২০.৪১% লোক প্ৰথমটো ঢৌত কভিডত আক্ৰান্ত হৈছিল৷ দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে ১৯.৩৫%৷ সেইদৰে ৩০ বছৰ আৰু তাৰ ঊধবৰ্ৰ ৬৭.৫% লোক প্ৰথমটো ঢৌত আক্ৰান্ত হৈছিল, দ্বিতীয়টো ঢৌত আক্ৰান্ত হৈছে ৬৯.১৮%৷ ৩০–৪০ বছৰৰ ভিতৰৰ ২১.০৫ শতাংশ প্ৰথমটোত আক্ৰান্ত হৈছিল, এইবাৰ আক্ৰান্ত হৈছে ২১.১৫%৷ প্ৰথমটো ঢৌত ৪০–৫০ বছৰৰ ভিতৰৰ ১৭.১৬% লোক আক্ৰান্ত হৈছিল, দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে ১৭.৫০%৷ ৫০–৬০ বছৰৰ লোকৰ সংক্ৰমণৰ হাৰ দুটা ঢৌত ক্ৰমে ১৪.৮০% আৰু ১৫.০৭%৷ ৬০–৭০ বছৰৰ ক্ষেত্ৰত ক্ৰমে ৯.০১% আৰু ৯.৯৯%৷ ৭০–৮০ বছৰৰ লোকৰ ক্ষেত্ৰত ৪.১৭% আৰু ৪.১৯%৷ ৮০ বছৰৰ ঊধবৰ্ৰ লোকৰ ক্ষেত্ৰত ১.৩১% আৰু ১.২৮%৷ মৃত্যুৰ ক্ষেত্ৰতো বিশেষ পাৰ্থক্য নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here