কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ কভিড-১৯ নিয়ন্ত্ৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি

0
899

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৰ সৃষ্টি হোৱাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কভিড-১৯ নিয়ন্ত্ৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনা ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ কাৰ্যকৰী হৈ থাকিব৷ আনহাতে সকলো ৰাজ্যই অনিবাৰ্যভাৱে এই নিৰ্দেশনা পালন কৰিব লাগিব৷ গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশনাত এই কথা স্পষ্ট কৰি দিয়ে যে আন্তঃৰাজ্যিক বা ৰাজ্যৰ ভিতৰৰ যাতায়াতত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰিব৷ ইয়াৰ বাবে যাত্ৰীক কোনোধৰণৰ ই-পাছ বা অনুমতিৰ প্ৰয়োজন নহ’ব বুলি লগতে কোৱা হৈছে৷ নতুন নিৰ্দেশনাত কোৱা হৈছে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰসমূহে স্থানীয়ভাৱে নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত ল’ব পাৰিব৷ কণ্টেইনমেণ্ট জ’নৰ নিয়ম পালনৰ ক্ষেত্ৰত স্থানীয় আৰক্ষী আৰু প্ৰশাসন জগৰীয়া হ’ব বুলি কোৱা হৈছে৷ কৰ্মস্থলীত প্ৰয়োজনীয় নিয়ম প্ৰস্তুত কৰাৰ দায়িত্ব ৰাজ্যসমূহক দিয়া হৈছে৷ গৃহ মন্ত্ৰ্যালয়ে নতুন নিৰ্দেশনাত ৰাজ্যসমূহক এইবুলি আদেশ দিছে যে মাস্ক পিন্ধা, সামাজিক দূৰত্ব আৰু হাত পৰিষ্কাৰ কৰি ৰখাৰ নিয়মসমূহ অতি কঠোৰভাৱে বলৱৎ কৰিব লাগে৷ মাস্ক নিপিন্ধিলে, সামাজিক দূৰত্বৰ নিয়ম নামানিলে জৰিমনাৰ ব্যৱস্থা কৰিবলৈও ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ লগতে জিলা, মহকুমা তথা নগৰ-মহানগৰ বা ৱাৰ্ড পৰ্যায়ত কৰ’নাৰ নিষেধাজ্ঞা আৰোপৰ অধিকাৰ দিয়া হৈছে৷ কণ্টেইনমেণ্ট জ’নৰ তথ্য জিলাৰ উপায়ুক্ত আৰু ৰাজ্য চৰকাৰসমূহে চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰীয় গৃহ আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ক অৱগত কৰাব লাগিব৷ নতুনকৈ সংক্ৰমণ হোৱা ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকক চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে৷ ইয়াৰ লগতে  জিলাৰ উপায়ুক্তক গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি কণ্টেইনমেণ্ট জ’নৰ সীমা নিৰ্ধাৰণৰ ক্ষমতা দিয়া হৈছে৷ চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জ’নৰ বাহিৰত যাত্ৰীবাহী ৰে’লৰ চলাচল, বিমান সেৱা, স্কুল, উচ্ছ শৈক্ষিক প্ৰতিষ্ঠান, হোটেল, ৰেস্তোৰাঁ, শ্বপিংমল,যোগকেন্দ্ৰ আদি খোলা থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here