Beauty PlusDiet PlusFitness PlusHealth NaturallyHealth Talksকেঞ্চাৰক দূৰত ৰাখিবলৈ এইবোৰ অভ্যাস পৰিত্যাগ কৰকBy Health Plus - March 8, 2025084Facebook Twitter Pinterest WhatsApp সাৱধান! এই অভ্যাসবোৰৰ কাৰণে আমাৰ শৰীৰত কেঞ্চাৰে নিগাজিকৈ বাস ল’ব পাৰে, যদিহে ইয়াৰ মূল কাৰকবোৰ বিচাৰি উলিয়াব পৰা নাযায়৷ কেঞ্চাৰ হোৱাৰ প্ৰধান দুটা কাৰণ হিচাপে জিনগত কাৰণ আৰু দ্বিতীয়তে জীৱন যাত্ৰাৰ ধৰণ বুলি বিশেষজ্ঞই জানিবলৈ দিছে৷ সেয়ে লাইফষ্টাইল সলনি নকৰিলে আপুনিও এই ভয়ংকৰ ব্যাধিৰ চিকাৰ হ’ব পাৰে৷ ইয়াৰ সাৱধানতাৰ বিষয়ে বিস্তাৰিতভাৱে জানো আহক৷আমি জানো যে বৰ্তমান সময়ত কেঞ্চাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত কেঞ্চাৰে উঠি অহা যুৱ প্ৰজন্মৰ মাজত সাংঘাতিকভাৱে বিস্তাৰিত হৈছে৷ যাৰ ফলত অকালতে বহু যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এইপৰ্যন্ত ১৭ ধৰণৰ কেঞ্চাৰ চিনাক্ত হৈছে৷ যাৰ ভিতৰত স্তন কেঞ্চাৰ, লিভাৰ কেঞ্চাৰ, কোলন কেঞ্চাৰ, পিত্তথলি কেঞ্চাৰ, অগ্নাশয়ৰ কেঞ্চাৰ আদি অন্যতম৷ বিশেষজ্ঞই এই সম্পৰ্কত কিছু তথ্য সদৰী কৰিছে৷ কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ শৰীৰৰ অতিৰিক্ত ওজন থাকিলে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায়৷ গৱেষণাত দেখা গৈছে যে খাদ্য হিচাপে সেউজীয়া শাক-পাচলি বেছিকৈ গ্ৰহণ কৰিলে কেঞ্চাৰৰ সম্ভাৱনা ৪৭ শতাংশ কমি থাকে৷ সেয়ে সৰহকৈ শাক-পাচলি খোৱা উচিত৷ অত্যধিক ভজা বা পোৰা খাদ্য এৰাই চলাই ভাল৷ ফাষ্টফুড, পেকেটজাত খাদ্য বা বটলত থকা পানীয়ত কৃত্ৰিম চেনি আৰু ছডিয়াম থাকে, যিয়ে কেঞ্চাৰৰ সম্ভাৱনা বঢ়াই তোলে৷ কেঞ্চাৰৰ পৰা মুক্ত থাকিবলৈ কম ফেটযুক্ত খাদ্য গ্ৰহণ কৰক৷ চবিৰ্যুক্ত খাদ্য পৰিহাৰ কৰক লগতে উচ্চ ফাইবাৰযুক্ত খাদ্য খোৱাৰ অভ্যাস গঢ় দিয়ক৷ এইধৰণৰ অভ্যাসে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ আনহাতে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা সতৰ্ক থাকক৷ ছালৰ কেঞ্চাৰৰ অন্যতম কাৰণ হ’ল সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি৷ সেয়ে বাহিৰলৈ ওলালে ছানস্ক্ৰিন ব্যৱহাৰ কৰা উচিত৷ কেঞ্চাৰৰ নিৰাময়ৰ বাবে যিমান সম্ভৱ মদ্যপান এৰাই চলক৷