কেইবাখনো ৰাজ্যত আৰম্ভ নহ’ল তৃতীয় পৰ্যায়ৰ টিকাকৰণ অভিযান

0
1211

মে’ৰ পৰা ১৮-৪৫ বছৰ বয়সৰ লোকসকল টিকাকৰণ কেন্দ্ৰলৈ যাব নালাগে৷

সমগ্ৰ দেশতে যোৱা ২ মে’ৰ পৰা ১৮-৪৫ বছৰ বয়সৰ সকলো লোকৰে কৰ’নাৰ টিকাকৰণ অভিযান আৰম্ভ হৈছে৷ কিন্তু ভেক্‌চিনৰ নাটনিৰ বাবে কেইবাখনো ৰাজ্যই এই অভিযান যোৱা ২ মে’ৰ পৰা আৰম্ভ নকৰিলে৷ এই ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, গোৱা আৰু অৰুণাচল প্ৰদেশো আছে৷ ইয়াৰ উপৰি পশ্চিম বংগ, দিল্লী, ওড়িষা, পঞ্জাব, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশকে ধৰি আন ১১খন ৰাজ্যতো যোৱা ২ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণ অভিযান আৰম্ভ নহ’ল৷ মহাৰাষ্ট্ৰত যোৱা ২ মে’ৰ পৰা এই অভিযান আৰম্ভ কৰা হৈছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থেকাৰেই এই কথা প্ৰকাশ কৰে৷ ছট্টীশগড়তো যোৱা মে’ৰ পৰা এই অভিযান আৰম্ভ কৰা হয়৷ ৰাজ্যখনত টিকাকৰণৰ ক্ষেত্ৰত সামাজিক তথা অৰ্থনৈতিক সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি লগতে প্ৰকাশ কৰা হৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবুলি আহবান জনাইছিল যে যিহেতু পৰ্যাপ্ত পৰিমাণে ভেক্‌চিন নাই, সেয়েহে যোৱা ২ মে’ৰ ১৮-৪৫ বছৰ বয়সৰ লোকসকল টিকাকৰণ কেন্দ্ৰলৈ যাব নালাগে৷  মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ অভিযান তিনি মে’ৰ পাছতহে আৰম্ভ কৰিব পৰা যাব৷ কাৰিকৰী কাৰণত অৰুণাচলত যোৱা ২ মে’ৰ তৃতীয় পৰ্যায়ৰ টিকাকৰণ অভিযান আৰম্ভ কৰিব পৰা নগ’ল৷ উত্তৰ প্ৰদেশৰ সাত মহানগৰীত যোৱা ২ মে’ৰ পৰা ১৮-৪৫ বছৰৰ লোকৰ টিকাকৰণ আৰম্ভ কৰা হৈছে৷ গুজৰাট আৰু ৰাজস্থানতো যোৱা ২ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here