কেঁচা হালধিৰ সৈতে এইবিধ মছলাই সলনি কৰিব জীৱন

0
33

শৰীৰ সুস্থ ৰাখিবলৈ হ’লে নিয়মিতভাৱে কেঁচা হালধি খোৱাৰ ফলত পোৱা উপকাৰৰ কথা সকলোৱে জানে৷ বহুতেই পুৱাই শুই উঠিয়েই খালী পেটত কেঁচা হালধি খোৱাৰ অভ্যাস কৰে, আৰু কিছুৱে গৰম পানীত হালধিৰ গুড়ি মিহলাই সেৱন কৰে৷ স্বাস্থ্যগুণেৰে ভৰপূৰ হালধিয়ে বিভিন্ন শাৰীৰিক অসুবিধা দূৰ কৰে৷ আনহাতে হালধিৰ সৈতে জালুক খালে বহুগুণে বেছি উপকাৰ সাধন হয়৷ আচলতে হালধি আৰু জালুক দুয়োবিধ উপাদানেই শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী৷ সেয়ে এই দুবিধ একেলগে খোৱাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞই৷ হালধিত কাৰকিউমিন নামৰ একধৰণৰ উপাদান থাকে৷ সেয়ে ইয়াৰ উপকাৰিতা বহুতেই নিৰ্ভৰ কৰে কাৰকিউমিনৰ ওপৰত৷ এই কাৰকিউমিন নিজেই শৰীৰত ভালদৰে মিহলি হৈ নাযায়৷ হালধি যেতিয়া জালুকৰ সৈতে খোৱা হয়, তেতিয়া কাৰকিউমিন সম্পূৰ্ণভাৱে শৰীৰত মিহলি হৈ পৰে৷ শৰীৰৰ বিভিন্ন অসুখ-বিসুখৰ সৈতে মোকাবিলা কৰিবলৈ ৰন্ধন প্ৰণালীৰ এই দুইবিধে মেজিকৰ দৰে কাম কৰে৷ ব্যথা-বেদনা আদি কমোৱাত হালধিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ আচলতে হালধিয়ে শৰীৰৰ ভিতৰত পৰাই এইধৰণৰ যন্ত্ৰণাৰ পৰা সকাহ দিব পাৰে৷ ইয়াৰ সৈতে জালুক যুক্ত কৰিলে আৰু অধিক কাৰ্যকৰী হয় আৰু তৎক্ষণাৎ এইধৰণৰ সমস্যা নিৰাময় হয়৷ আনহাতে জালুকত থকা পাইপাৰিনে কোষক সক্ৰিয় কৰি তোলে৷ দীৰ্ঘদিনীয়া ব্যথা বা নাৰ্ভ সংক্ৰান্তীয় যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ হালধি আৰু জালুক অতি উত্তম মছলা৷ হালধি আৰু জালুকে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ শৰীৰৰ অতিৰিক্ত ওজন কমোৱাত, মনৰ দুশ্চিন্তা, অৱসাদ নোহোৱা কৰিবলৈ এই দুবিধ উপাদান খাদ্য তালিকাত নিয়মিতভাৱে ৰাখিব পাৰে৷ হালধি আৰু জালুক দৈনিক খোৱাৰ ফলত শৰীৰৰ মেটাবলিজম বঢ়াত সহায়ক হয়৷ আনহাতে হালধি আৰু জালুক একেলগে খোৱাৰ ফলত মাৰাত্মক কেঞ্চাৰ কোষৰ বিৰুদ্ধে যুঁজ দিয়াত কৃতকাৰ্য হয়৷ হালধিত থকা কাৰকিউমিনে কেঞ্চাৰৰ কোষ নষ্ট কৰাত সহায় কৰে৷ বিশেষকৈ স্তন কেঞ্চাৰৰ প্ৰতিৰোধ কৰিবলৈ হালধিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here