কৃমিৰ পৰা কিদৰে প্ৰতিকাৰ পাব?

0
1764


মানুহ আৰু অন্যান্য প্ৰাণীৰ দেহত বাস কৰা এবিধ পৰজীৱী প্ৰাণী হৈছে কৃমি৷ ইহঁতে মানুহৰ দেহৰ ভিতৰৰ পৰা খাদ্য গ্ৰহণ কৰে৷ ইণ্টাৰ’বাছ ভাৰ্মিকুলাৰিছ নামৰ জীৱাণুৰ দ্বাৰা খোৱাপানী আৰু খাদ্যৰ যোগেদি এই ৰোগে শৰীৰত আক্ৰমণ কৰে৷ ইয়াৰ উপৰি অধিক মিঠাজাতীয় বস্তু, মছলা আৰু লেতেৰা হাতেৰে কোনো খাদ্যবস্তু খালেও কৃমি হ’ব পাৰে৷ শিশু অৱস্থাত সাধাৰণতে এই ৰোগ বেছিকৈ হয়৷ এই ৰোগ হ’লে টোপনিত দাঁত চোবোৱা, নাক খজুওৱা, টোপনিত পেচাব হোৱা, শৌচৰদ্বাৰ খজুওৱা আদি হয়৷ ইয়াৰ পৰিমাণ অত্যধিক হ’লে মৃত্যুপৰ্যন্ত হ’ব পাৰে৷
(১) নেমুৰ গুটি খু্‌ন্দি পানীৰ সৈতে খালী পেটত খালে পেলু সহজে মৰে৷
(২) গাখীৰৰ সৈতে নহৰু সিজাই খালে কৃমি মৰে৷
(৩) নাৰিকল মিহিকৈ ৰুকি ৰাতিপুৱা খালী পেটত খাব লাগে৷
(৪) আমলখিৰ ৰস একেৰাহে খালেও কৃমি নাইকিয়া হয়৷
(৫) অকণমান হিং পানীত গুলি খুৱালে কৃমি নাশ হয়৷
(৬) চূণৰ পানী কম পৰিমাণে খালে কৃমি নাশ হয়৷
(৭) নিমৰ পাত ভাজি খালে কৃমি নাইকিয়া হয়৷
(৮) শেৱালি ফুল ভাজি খালেও কৃমি নাশ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here