কি ৰোগত পিঁয়াজৰ ঠাৰি ভাল?

0
1689


পিঁয়াজক বিভিন্ন ধৰণৰ ব্যঞ্জনৰ পৰা আৰম্ভ কৰি চালাডলৈকে ব্যৱহাৰ কৰা হয়৷ প্ৰতিঘৰ মানুহৰ ৰান্ধনীশালৰ অন্যতম সামগ্ৰীবিধে হৈছে পিঁয়াজ৷ খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে ইয়াৰ অনেক ঔষধি গুণ আছে৷ পিছে আজি আমি ৰঙা পিঁয়াজ নহয়, সেউজীয়া পিঁয়াজৰ বিষয়েহে আলোচনা কৰিম৷ যাক ইংৰাজীত Spring Onion আৰু অসমীয়া সমাজত পিঁয়াজৰ ঠাৰি হিচাপেও জনা যায়৷

আপোনালোকে হয়তো চাইনীজ খাদ্যত ইয়াৰ ব্যৱহাৰ অধিক দেখা পাইছে৷ খাদ্য গাৰ্নিছিঙৰ কাৰণে ইয়াক বেছিকৈ ব্যৱহাৰ কৰা হয়৷ পিঁয়াজৰ ঠাৰিক বহু লোকে অন্য পাচলিৰ লগতো ভাজি খায়৷ এই পিঁয়াজৰ ঠাৰি মধুমেহ ৰোগীৰ কাৰণে ভাল বুলি জনা যায়৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, কেলচিয়াম, মিনাৰেল আদি পোৱা যায়৷


(১) পিঁয়াজৰ ঠাৰি সেৱনে ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে৷
(২) পাচন প্ৰক্ৰিয়া উন্নত কৰাতো পিঁয়াজৰ ঠাৰি উপকাৰী বুলি জনা যায়৷
(৩) পিঁয়াজৰ ঠাৰি এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েলযুক্ত হোৱা হেতুকে বিভিন্ন ইনফেক্‌শ্যন, ভাইৰেল বেমাৰৰ পৰা ৰক্ষা হোৱাতো সহায় কৰে৷
(৪) পিঁয়াজৰ ঠাৰিত প্ৰচুৰ পৰিমাণে ছালফাৰ পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে উপকাৰী৷ ইয়াত ছালফাইড আৰু ফ্লেভনইড্‌ছ নামৰ দুটা উপাদান থাকে, যিয়ে কেঞ্চাৰৰ কোষ উৎপন্ন কৰা এনজাইম নষ্ট কৰি কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কমায়৷
(৫) ইয়াত থকা ছালফাৰে শৰীৰত ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰি মধুমেহ ৰোগৰ পৰা বচাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here