কি বিশেষ পৰিস্থিতিত হালধিযুক্ত গাখীৰ বেয়া?

0
1379
আমি সকলোৱে গাখীৰ খাই ভাল পাওঁ৷ বহুতেই কয় ৰাতি শোৱাৰ সময়ত এগিলাচ গাখীৰ খালে ভাল টোপনি আহে৷ শৰীৰৰ কাৰণে ই বহুতেই উপকাৰী৷ বিশেষকৈ হালধিযুক্ত গাখীৰ, যাক স্বৰ্ণদুগ্ধ হিচাপেও জনা যায়৷ ই শৰীৰৰ বিভিন্ন ঔষধ হিচাপেও কাম কৰে৷ কোৱা হয় যে হালধিযুক্ত গাখীৰে ইমিউনিটি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ হাড়সমূহকো মজবুত কৰাত সহায় কৰে৷ যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, তথাপিও ইয়াৰ কিছু অপকাৰিতা নথকা নহয়৷ কথাতে কোৱা হয় যে আতিশয্য সকলোতে বেয়া৷ কিছু বিশেষ পৰিস্থিতিত ইয়াক সেৱন কৰা উচিত নহয়৷ কিছু কিছু ক্ষেত্ৰত হালধিযুক্ত গাখীৰে ছালৰ শুষ্কতাৰ সৃষ্টি কৰে৷
Heres How Turmeric (Haldi) Milk Could Help Keep Inflammation At Bay - NDTV Food

(১) অত্যধিক হালধিযুক্ত গাখীৰ খালে পিত্তাশয়ৰ সমস্যা হ’ব পাৰে৷ যদি আপোনাৰ গলব্লাডাৰৰ সমস্যা আছে, তেন্তে ভুলতো হালধিযুক্ত গাখীৰ নাখাব৷


(২) ডায়েবেটিছ ৰোগীয়ে হালধিযুক্ত গাখীৰ খোৱাটো উচিত নহয়, কাৰণ হালধিত থকা কাৰ্কিউমিনে তেজৰ শৰ্কৰাক প্ৰভাৱিত কৰে৷


(৩) বেছিকৈ হালধিযুক্ত গাখীৰ খালে এলাৰ্জিৰ সৃষ্টি হ’ব পাৰে৷

Hives while Breastfeeding: Treatment & Home Remedies


(৪) কিছুমান মানুহৰ ক্ষেত্ৰত ইয়াৰ সেৱনৰ দ্বাৰা Gastroesophageal Reflux Disease (GRED) দৰে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

Tummy Ache: Mum's Concise Guide To Dealing With It | theAsianparent


(৫) অত্যধিক মাত্ৰাত ইয়াৰ সেৱনৰ ফলত আইৰনৰ শোষণত বাধা আহিব পাৰে৷

4 Causes of Iron Deficiency Anemia - Gastroenterologist in Wausau, Stevens Point, Eagle River, WI


(৬) ব্লিডিঙৰ সমস্যা থাকিলে হালধিযুক্ত গাখীৰ নোখোৱাই ভাল, কাৰণ হালধিয়ে ব্লাড ক্লটিঙৰ গতি কমাই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here