কি বিশেষ কাৰণত মাংস খালেই এলাৰ্জি হ’ব পাৰে?

0
1561


এলাৰ্জি হৈছে দেহৰ প্ৰতিৰোধ প্ৰণালী অতি সংবেদনশীলতা হোৱা বিকাৰ, যাক হাইপাৰ ছেনচিটিভিটি বুলি কোৱা হয়৷ ই হৈছে সকলোৰে পৰিচিত এটা সমস্যা৷ সাধাৰণতে ধূলি-বালিৰ ফলত আমাৰ এলাৰ্জি হয়৷ ইয়াৰ উপৰি কিছুমান মানুহৰ ক্ষেত্ৰত খাদ্যৰ পৰাও এলাৰ্জি হোৱা দেখা যায়৷ ভিন ভিন মানুহৰ ভিন ভিন এলাৰ্জি থাকে৷ তাৰ ভিতৰত ফুলৰ ৰেণু, ধূলি-বালি, ঔষধৰ পাশ্বৰ্ক্ৰিয়া, কিছুমান গছৰ শুং, পোহনীয়া জীৱ-জন্তুৰ নোম, কীট-পতংগৰ শুং, কিছুমান খাদ্য পদাৰ্থ আদিয়েই প্ৰধান৷

কিন্তু আপুনি জানি আচৰিত হ’ব যে কিছুমান পোক-পৰুৱাই কামোৰাৰ ফলতো আপোনাৰ ফুড এলাৰ্জি হ’ব পাৰে৷ হয়, আপু্‌নি ঠিকেই শুনিছে৷ “আমেৰিকান কলেজ অব্‌ এলাৰ্জি, এজমা এণ্ড ইমিউনিল’জি”ৰ মতে যিসকল মানুহক Lone Star Tick-এ কামোৰে তেওঁলোকৰ ৰেড মিটৰ প্ৰতি এলাৰ্জি হৈ যায়৷ Lone Star Tick হৈছে এবিধ সৰু পৰুৱা, যি দেখিবলৈ জীৱ-জন্তুৰ গাত থকা চিকৰাৰ দৰে৷ ই কামুৰিলে কোনোধৰণৰ বিষ অনুভৱ নহয়৷ এইবিধ পৰুৱা সাধাৰণতে মানুহৰ নজৰত নপৰে৷ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ৰেড মিটৰ মুখ্য কাৰকে হৈছে এইবিধ পৰুৱা৷ ফলস্বৰূপে ছাগলী, গাহৰি, গৰু, ভেড়া আদি, যাৰ মাংসক ৰেড মিটত অন্তৰ্ভুক্ত কৰা হয়, এইবোৰ প্ৰাণীৰ মাংসৰ প্ৰতি এলাৰ্জি হ’লে বমি, শৰীৰৰ বিষ, উশাহ লোৱাত অসুবিধা আদিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ আনকি কিছু ক্ষেত্ৰত একেবাৰে উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হয়৷ সময়ৰ লগে লগে কিছুমান লোকৰ ক্ষেত্ৰত এই এলাৰ্জি নাইকিয়া হৈ যায় যদিও কিছু লোকৰ ক্ষেত্ৰত ই আজীৱন লগৰী হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here