কি কি ৰোগত পকা আম ভাল? In what diseases do ripe Mangoes prove useful?

0
906

ফলৰ ৰজা আমৰ বিষয়ে আমি সকলোৱে জানো। আম খাই ভাল নোপোৱা মানুহ এই পৃথিৱীত নিশ্চয় নাই। বিশেষকৈ কেঁচা আমৰ চাটনি আৰু পকা আমৰ জুছ।নাম শুনিলেই যেন জিভাৰ পৰা পানী পৰিবলৈ ধৰে।এতিয়া আহিছো আচল কথালৈ।আম খাবলৈ যিমান সোৱাদযুক্ত ঠিক তেনেকৈ ইয়াৰ আছে অনেক ঔষধি গুণ। কেঁচা আমতকৈ পকা আম আমাৰ দেহৰ কাৰণে অতি উপকাৰী।

১) পকা আমে দেহত বল বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধি হোৱাত বিশেষভাৱে সহায় কৰে। ইয়াৰ বাবে পকা আমৰ ৰস খোৱাৰ পাছত একাপ গাখীৰ খাব লাগে।

২/ গাৰ ছাল নিমজ কৰিবৰ কাৰণে ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে পকা আমৰ ৰস খাব লাগে।

৩/ মগজুৰ দুৰ্বলতা নাইকীয়া কৰিবলৈ পকা আমৰ ৰসৰ লগত এচামুচ চেনি মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে।

It might be peak mango season, but you should not pick up the artificially ripened ones - Lifestyle News

৪/ কুকুৰিকণা বা চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ নিতৌ পকা আমৰ ৰস খোৱা ভাল।

৫/ গাখীৰৰ লগত আম খালে শুক্ৰ বৃদ্ধি হোৱাত সহায় কৰে।

৬/ সমান সমান পৰিমাণৰ আম আৰু ক’লা জামুৰ ৰস মিশ্ৰণ কৰি খালে ডায়েবেটিছ ৰোগ ভাল হয়।

৭/উচ্চ ৰক্তচাপত পকা আমৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।

৮/শৰীৰৰ ওজন বৃদ্ধি কৰিবলৈ ইচ্ছা কৰা সকলে এগিলাচ পকা আমৰ ৰসত মৌ মিহলাই দিনে এবাৰকৈ একেৰাহে খালে শৰীৰৰ ওজন যথেষ্ট বৃদ্ধি হয়।

৯/পকা আম খোৱাটো শৰীৰৰ কাৰণে যিমান উপকাৰী সিমান উপকাৰী ছালৰ বাবে। পকা আমৰ শাহ খিনি গাখীৰত ফেটি মুখত বা গাৰ ছালত সানি ১৫ মিনিটৰ পাছত ধুলে ছাল সুন্দৰ হয়।

কিন্তু মনত ৰাখিব আম আমাৰ দেহৰ কাৰণে উপকাৰী হলেও অত্যন্ত ভোকত বা খালী পেটত আম খাব নালাগে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here