কি কি ৰোগত কি কি নাখাব?

0
1085
আমি প্ৰায়ে বেমাৰ হ’লে প্ৰথমে বেমাৰটো নিৰ্মূল কৰাৰ বাবে কি ঔষধ বা খাদ্য খোৱা উচিত, তাৰ ওপৰতহে অধিক গুৰুত্ব দিওঁ৷ কিন্তু উক্ত ৰোগটোত কি কি খাদ্য বৰ্জন কৰা উচিত, তাৰ ওপৰত খুব কম মানুহেহে গুৰুত্ব দিয়া দেখা যায়৷ বেমাৰ এটাক  শিপাৰ সৈতে উভালিব হ’লে আমি কি কি খাদ্য বেমাৰটোৰ কাৰণে বেয়া, সেই কথাও জানি পৰিহাৰ কৰা উচিত৷ সেয়েহে আজি আমি আলোচনা কৰিম কি কি খাদ্য কি কি ৰোগত উচিত নহয়৷

[১] পাইলছ বা কেঁচুমূৰীয়া হ’লে জলকীয়া, কোমোৰা, মাছ-মাংস, কণী, পূৰৈশাক, সহজে হজম নোহোৱা খাদ্য খোৱা উচিত নহয়৷


[২] মাত ভাঙিলে চেনি, গুৰ, নাৰিকল, জলফাই, যিকোনো কেহা জাতীয় খাদ্য, ঘিউ আদি খাব নালাগে৷
[৩] উচ্চ ৰক্তচাপত পিঁয়াজ, কঁঠাল, কল, মূলা, যিকোনো তিতা দ্ৰব্য, বেঙেনা, ঘিউ, তেল, গাহৰিৰ মাংস, কণী আদি পৰিহাৰ কৰা উচিত৷

How to stop eating junk food - Quora


[8] ৰক্তহীনতা ৰোগত তেঁতেলী, অতি টেঙা দ্ৰব্য, ৰসহীন শুকান বস্তু, মাদকদ্ৰব্য, চাহ, কফি আদি বৰ্জন কৰিব লাগে৷
[৫] মুখৰ ভিতৰত ঘা হ’লে টেঙা, পিঁয়াজ, মাহ, এঁৱা গাখীৰৰ দৈ, পূৰৈশাক, মাটিকঁঠাল, যিকোনো মছলাজাতীয় খাদ্য খোৱা একেবাৰে বেয়া৷


সেয়েহে এনেধৰণৰ ৰোগত এইবোৰ খাদ্য বৰ্জন কৰি শৰীৰটোক সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here