কিমানদিনলৈ কল সতেজ হৈ থাকে

0
891

এই পলিফেনলেও কলৰ মঙহালক ক’লা কৰি দিয়ে৷

আপুনি ৰাতিপুৱা সাৰ পাই উঠি যদি দেখে যে আপুনি তিনিদিন আগত কিনা কলটো আজিও সতেজ হৈ আছে, তেন্তে আপোনাৰ নিশ্চয় মনটো ভাল লাগিব নহয়নে? কিন্তু আচলতে বজাৰৰ পৰা কিনি অনা কল তিনি দিন পাছলৈ সতেজ হৈ থকাটো অসম্ভৱ৷ সকলো মানুহৰে ঘৰত কলক দৈনন্দিন খাদ্য হিচাপে গ্ৰহণ কৰে৷ কিন্তু ইয়াত এটাই অসুবিধা হৈছে যে কল বেছিদিনলৈ সতেজ হৈ নাথাকে৷ কাৰণ কলত প্ৰাকৃতিকভাৱে পলিফেনাইল অক্সিডেজ নামৰ এনজাইম থাকে৷ যেতিয়া কলটো সতেজ কৰিবলৈ ফ্ৰীজত ৰখা হয়, তেতিয়া ফ্ৰীজৰ ঠাণ্ডা তাপমানে এই পলিফেনাইল অক্সিডেজ নামৰ এনজাইমবিধক এক ৰাসায়নিক প্ৰক্ৰিয়াৰে কলৰ মঙহালক পলিফেনলছলৈ পৰিৱৰ্তন কৰে৷ এই পলিফেনলে মেলানিনৰ দৰে কাম কৰে, যি মেলানিনে আমাৰ ছালত পিগমেনটেশ্যনৰ সৃষ্টি কৰে৷ সেইবাবে এই পলিফেনলেও কলৰ মঙহালক ক’লা কৰি দিয়ে৷ ইয়াৰ উপৰি বহু মানুহ কল সতেজ হৈ থাকিবলৈ ফ্ৰীজত ৰাখে৷ কিন্তু ফ্ৰীজত থকা কলসমূহ নৰ্মেল তাপমানত থকা কলসমূহৰ তুলনাত অলপ ডাঠ হয়৷ কাৰণ নৰ্মেল তাপমানত থকা কলসমূহৰ এনজাইমে কলৰ ষ্টাৰ্চক চেনিলৈ ভাঙি দিয়ে, যাৰ ফলত কলটো কোমল আৰু পকাত সহায়ক হয়৷ কিন্তু নৰ্মেল তাপমানত থকা কল বেছিদিনলৈ সতেজ হৈ নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here