কিডনী ৰোগৰ উপসৰ্গবোৰ কি কি জানেনে?

0
2549


কিডনী আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ৷ বৰ্তমান সময়ত কিডনী ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়ানকভাৱে বৃদ্ধি পাইছে৷ কম বয়সীয়াৰ পৰা আৰম্ভ কৰি বয়সিয়াল লোক সকলোৰে কাৰণে কিডনীৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ কিডনীৰ ৰোগে খুব মন্থৰ গতিৰে শৰীৰক ক্ষতি কৰে৷ জটিল অৱস্থা নোহোৱাপৰ্যন্ত ইয়াৰ লক্ষণবোৰ ভালদৰে পৰিলক্ষিত হোৱা দেখা নাযায়৷ সেইবাবে এই ৰোগৰ প্ৰাথমিক লক্ষণবোৰ জনাটো খুবেই দৰকাৰী৷ সেয়েহে কেইটামান সাধাৰণ লক্ষণ তলত দিয়া হ’ল–
(১) প্ৰস্ৰাৱৰ পৰিৱৰ্তন : কিডনী ৰোগৰ এটা প্ৰধান লক্ষণ হ’ল প্ৰস্ৰাৱৰ পৰিৱৰ্তন হোৱাটো৷ কিডনীৰ সমস্যা দেখা দিলে ঘনে ঘনে প্ৰস্ৰাৱ লাগে৷ প্ৰস্ৰাৱজনিত এনে সমস্যাৰ মূল কাৰণ হ’ব পাৰে কিডনীয়ে যথোচিতভাৱে কাম নকৰা৷ প্ৰস্ৰাৱৰ ৰং গাঢ় হয়৷ বহু সময় ধৰি পেচাব লগা অনুভৱ হ’লেও পেচাব নহ’বও পাৰে৷
(২) ভাগৰ অনুভৱ : যেতিয়া কিডনীৰ সমস্যাই দেখা দিয়ে , শৰীৰ অত্যন্ত ভাগৰ অনুভৱ হয়৷ শৰীৰৰ বাবে বিষাক্ত টক্সিন বাহিৰলৈ ওলাই যোৱাত বাধাৰ সৃষ্টি হয়৷ যাৰ ফলত শৰীৰত অলাগতিয়াল উপাদান ৰৈ যায়৷
(৩) শৰীৰৰ ঠাণ্ডা ভাব লাগি থকা : কিডনীৰ সমস্যা হ’লে অত্যন্ত গৰমতো ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ থাকে৷ কিডনীৰ সংক্ৰমণ হ’লে জ্বৰ উঠে৷
(৪) পিঠিৰ বিষ : কিছু ক্ষেত্ৰত শৰীৰৰ বিষ অনুভৱ হয়৷ বিশেষকৈ পিঠিৰ ফালে বিষ অনুভৱ হয়৷ এইটোও কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে৷
(৫) মূত্ৰৰ সৈতে ফেন : সাধাৰণতে প্ৰস্ৰাৱ কৰোঁতে ফেন উঠাটো স্বাভাৱিক৷ কিন্তু পেচাবৰ সৈতে অত্যধিক পৰিমাণে ফেন ওলালে আমি সাৱধান হ’ব লাগে৷ কাৰণ ইয়ো কিডনী ৰোগৰ লক্ষণ হ’ব পাৰে৷
(৬) মনোযোগ ভংগ : শৰীৰৰ লোহিত ৰক্তকণিকা কমি যোৱাৰ ফলত মস্তিষ্কত অক্সিজেনৰ সৰবৰাহ কমি যায়৷ এইবাবে কোনো কামত মনোযোগ দিয়াত অসুবিধাৰ সৃষ্টি হয়৷ আমাৰ মনোযোগ শক্তি কমি যাব পাৰে৷
(৭) টোপনিৰ সমস্যা : শৰীৰৰ পৰা অলাগতিয়াল টক্সিন বাহিৰ নোহোৱাৰ ফলত নিদ্ৰাহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে৷ আমাৰ টোপনি ভাল নহাটোও কিডনী ৰোগৰ অন্যতম কাৰণ হ’ব পাৰে৷
(৮) প্ৰস্ৰাৱ কৰাৰ সময়ত অসুবিধা বা প্ৰস্ৰাৱত তেজ যোৱা : প্ৰস্ৰাৱৰ কৰোঁতে হোৱা বিষ, জ্বলা-পোৰা লগা আদি লক্ষণবোৰ কিডনী ৰোগৰ প্ৰধান কাৰণ হ’ব পাৰে৷ আনহাতে পেচাবৰ লগত তেজ যোৱাটো কিডনী ৰোগৰ এটা গুৰুত্বপূৰ্ণ লক্ষণ৷
এনেধৰণৰ লক্ষণবোৰ দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ যাওক৷ কাৰণ আপুনিও কিডনী ৰোগত আক্ৰান্ত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here