কিচমিচৰ উপকাৰিতা…

0
2159


১) কিচমিচত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। সেয়েহে ৰক্তহীনতাত ভোগা লোকৰ বাবে কিচমিচ বৰ উপকাৰী।
২) নিয়মিয়াকৈ কিচমিচ খালে চুলি আৰু চালৰ বহু ৰোগৰ পৰা বাচি থাকিব পৰা যায়।
৩) কিচমিচ ভিজাই সেই পানী আৰু কিচমিচ খালে লিভাৰৰ সক্ৰিয়তা বৃদ্ধি পায়।
৪) কিচমিচ কেইটামান ৰাতি গৰম পানীত তিয়াই ৰাতিপুৱা খালীপেটত পানী আৰু কিচমিচ খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয় , পেট পৰিষ্কাৰ হয়, কৌষ্ঠকাঠিন্যৰ সমস্যা নোহোৱা হয়,পাচন শক্তি বৃদ্ধি হয়,ভোক লাগে ।
৫) এনেদৰে গৰম পানীত কিচমিচ তিয়াই নিয়মিত খালে এচিডিটি বা পেটৰ দুষিত বায়ু ,পিত্ত ৰোগৰ সমস্যা নোহোৱা হয় ।
৬) ই শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে । সেয়েহে ক্ষীণ মানুহে দৈনিক ৰাতি কিচমিচ কল আৰু গাখীৰৰ লগত খালে সুফল পাব।
৭) কিচমিচত যথেষ্ট পৰিমানে কেলচিয়াম থকাৰ বাবে দাঁতৰ বিভিন্ন ৰোগ, গাঁঠি বিষ আৰু হাড়ৰ সমস্যা দূৰীকৰণৰ বাবে উপকাৰী।

৮) নিয়মিত গাখীৰৰ লগত কিচমিচ সেৱন কৰিলে যৌন দুৰ্বলতা দূৰ হয়। বিশেষকৈ পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায়।

৯) নাৰীৰ সৌন্দৰ্য্য কিচমিচে বৃদ্ধি কৰে।যি সকল নাৰীৰ স্তনৰ আকাৰ সৰু তেঁওলোকে নিয়মীয়াকৈ কিচমিচ ৰাতি গৰম পানীত তিয়াই পুৱা সেই পানী আৰু কিচমিচ খোৱাৰ অভ্যাস কৰক। স্তনৰ আকাৰ বাঢ়িব আৰু বুকুৰ সৌন্দৰ্য্য বৃদ্ধি পাব।
১০) কিচমিচত অন্যান্য উপাদান বোৰৰ লগতে যথেষ্ট পৰিমাণে আইৰণ পোৱা যায় সেয়েহে গৰ্ভৱতী মহিলাৰ বাবে ই বৰ উপকাৰী।
১১) নিয়মীয়া সেৱনে শৰীৰৰ অকাল বাৰ্ধক্যকো ৰুধিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here