কাৰ্বহাইড্ৰেট : শৰীৰৰ বাবে এক অপৰিহাৰ্য উপাদান

0
2089

আমি সাধাৰণতে দৈনন্দিন খাদ্য তালিকাত শৰীৰৰ বাবে এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান গ্ৰহণ কৰি আহিছোঁ। সেই বিশেষ উপাদানবিধ হৈছে কাৰ্বহাইড্ৰেট। এই উপাদানবিধ কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনৰ সমষ্টি ৷ কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰৰ আভ্যন্তৰীণ কাৰ্যবোৰ সম্পাদন কৰে। সচৰাচৰ কাৰ্বহাইড্ৰেটত ষ্টাৰ্চ, গ্লুকজ, আঁহ এই তিনিবিধ পুষ্টিকৰ উপাদান পোৱা যায়। যিবোৰে শৰীৰত নিজস্ব প্ৰক্ৰিয়াৰে কাৰ্য সম্পন্ন কৰে। শৰীৰত প্ৰায় ৪৫অৰ পৰা ৬৫ শতাংশ শক্তি কেৱল কাৰ্বহাইড্ৰেটৰ পৰা পোৱা যায়। আহাৰ গ্ৰহণৰ ক্ষেত্ৰত আমি প্ৰায়ে খাই থকা ফল-মূলজাতীয় খাদ্য, দুগ্ধজাত সামগ্ৰী, মাহজাতীয় সামগ্ৰী আদিত কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে পোৱা যায়৷ আমাৰ শৰীৰৰ কলেষ্টৰেলৰ সমতা নিয়ন্ত্ৰণত কাৰ্বহাইড্ৰেটৰ ভূমিকা উল্লেখনীয়৷ তেজত গ্লুকজৰ পৰিমাণ বৃদ্ধি কৰাতো ই আগভাগ লয়৷ মগজুৰ বিভিন্ন দিশত কাৰ্বহাইড্ৰেটে সহায় কৰে৷ কিডনী, হৃদপিণ্ড সুস্থ ৰখাত কাৰ্বহাইড্ৰেটে অৰিহণা যোগায়৷ ই আমাৰ পাচন প্ৰক্ৰিয়াতো সুপ্ৰভাৱ পেলায়৷ ইয়াৰ উপৰি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম নিয়ন্ত্ৰণত কাৰ্বহাইড্ৰেটৰ ভূমিকা উল্লেখনীয়৷ দৈনন্দিন খাদ্য তালিকাৰ ক্ষেত্ৰত প্ৰতিদিনে ২৭৫ গ্ৰাম পৰিমাণৰ কাৰ্বহাইড্ৰেট খাদ্যত থকাটো জৰুৰী৷ আনহাতে খাদ্যত অতিমাত্ৰা কাৰ্বহাইড্ৰেট গ্ৰহণে শৰীৰত মেদবহুলতা, ডায়েবেটিছ আদিৰ সম্ভাৱনা বঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here