কাষত ম’বাইল ফোন লৈ শোৱাটো কিমান বিপজ্জনক জানেনে?

0
944
আজিৰ যুগত সকলোৰে বাবে ম’বাইল ফোন এটা এৰাব নোৱৰা অংগ হৈ পৰিছে৷ দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শোৱাপৰ্যন্ত ম’বাইল ফোনটো আমাৰ লগতে থাকে৷ বিশেষকৈ ৰাতি ম’বাইলটো গাৰুৰ কাষত লৈ নুশুলে কিবা আধৰুৱা যেন লাগে৷ কিন্তু ৰাতি ম’বাইল ফোনটো কাষত লৈ শোৱাৰ ফলত ই কিমান ক্ষতি কৰে, আপুনি জানেনে?

(১) ম’বাইল ফোনটো কাষত লৈ শোৱাৰ ফলত ইয়াৰ পৰা ওলোৱা ৰেডিয়েশ্যনে আপোনাৰ মগজুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ বিশেষকৈ যেতিয়া ম’বাইল ফোনটোৰ বেটাৰীৰ চাৰ্জ কম থাকে বা নেটৱৰ্ক কম থাকে, তেতিয়া তাৰ পৰা ৰেডিয়েশ্যন অধিক মাত্ৰাত ওলায়৷ যি আমাৰ মগজুৰ বাবে ক্ষতিকাৰক৷

What are the health effects, if any, of sleeping next to a cell phone? If I sleep with my iPhone under my pillow each night, should I be concerned or change my


(২) শেহতীয়াকৈ নিউয়ৰ্কৰ আৰক্ষী বিভাগে জনসাধাৰণক সতৰ্ক কৰি দিছে যে ম’বাইল ফোন লগত লৈ শুই থকাৰ ফলত ফোন গৰম হৈ কেতিয়াবা ফোন বিস্ফোৰণ হোৱাও দেখা গৈছে৷ বিশেষকৈ ফোন চাৰ্জ দি শোৱাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হয়৷

Realme XT unit blasts while charging within 24 hours of purchase; brand blames 'external force' | 91mobiles.com


(৩) ম’বাইল ফোনৰ পৰা ওলোৱা নীলা ৰঙে আমাৰ চকু আৰু মগজুত যথেষ্ট ক্ষতি কৰে৷ যাৰ ফলত শৰীৰত Melatonin হৰমন কমকৈ উৎপন্ন হোৱাত অৰিহণা যোগায়৷ এই Melatonin হৰমনক sleep hormone বুলিও কোৱা হয়৷ কমকৈ Melatonin উৎপন্ন হোৱাৰ ফলত ৰাতি টোপনি নহাৰ সমস্যাও অধিক হয়৷

Smartphone insomnia: Why checking your phone before bed spoils your sleep – How It Works


(8) আনকি ম’বাইল ফোনটো চাৰ্জত লগোৱাৰ সময়ত তাৰ পৰা ওলোৱা সামান্য পোহৰেও আমাৰ হৰমনক প্ৰভাৱিত কৰে৷ লগতে সেই পোহৰে মূৰৰ বিষ, চকু ৰঙা পৰা, ধোঁৱা ধোঁৱা দেখা আদি সমস্যাৰ সৃষ্টি কৰে৷

7 Tips to Protect Your Eyes from Smartphone`s Blue Light - Life en.tempo.co - Tempo.co


(৫) WHOৰ মতে ইলেকট্ৰনিক ডিভাইচবোৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ এই ডিভাইচবোৰে টক্সিক উৎপন্ন কৰে৷ যিয়ে শৰীৰত কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷

এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ম’বাইল ফোনটো ৰাতি শোৱাৰ সময়ত নিজৰ পৰা ৩.৫ ফুট দূৰত্বত ৰখা উচিত৷ মনত ৰাখিব যদি ফোনটো শোৱাৰ সময়ত লগত ৰাখেও তেন্তে ছুইচ অফ কৰি শোৱক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here