কাঠৰ সামগ্ৰীৰ পৰা ভেঁকুৰ কিদৰে আঁতৰাব ? How to remove fungus from wooden items?

0
1309

আজিকালি পাকঘৰত ষ্টিলৰ বাচন-বৰ্তনৰ লগতে কাঠৰ বাচন-বৰ্তন তথা অন্যান্য সামগ্ৰীও ব্যৱহাৰ কৰা হয়৷ অৱশ্যে কাঠৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ চাফ-চিকুণতাৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত৷ ভিজি থকাৰ ফলত ইয়াত ভেঁকুৰ লগাৰ সম্ভাৱনা অধিক হয়৷ অকল এয়াই নহয়, ভালকৈ চাফা নকৰিলে ইয়াৰ পৰা বেয়া গোন্ধো বাহিৰ হয়৷ কাঠৰ সামগ্ৰী বা বাচন-বৰ্তনত ভেঁকুৰ লাগিলে মানুহে ডিশ্বৱাছ লিকুইডেৰে ঘণ্টা ঘণ্টা ধৰি চাফা কৰা আৰম্ভ কৰি দিয়ে৷ ফলত আপোনাৰ বাচন-বৰ্তনো সোনকালে বেয়া হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব জানো আহক৷

Wood & Bamboo Kitchen Products Regulations in the EU: An Overview


(১) গৰম পানীত ভেঁকুৰ লগা কাঠৰ সামগ্ৰীখিনি ভিজাই তাত ব্ৰাছেৰে ঘঁহি দিয়ক৷ যেতিয়া ভেঁকুৰ সম্পূৰ্ণৰূপে চাফা হৈ যাব, তেতিয়া ভালকৈ মচি কিছু সময় ৰ’দত শুকাবলৈ দিয়ক৷ ২০ মিনিটমান পাছত ৰ’দৰ পৰা আনি অলপ সৰিয়হৰ তেল লগাই মুকলি ঠাইত ৰাখি দিয়ক৷


(২) নাইবা বেকিং ছ’ডা আৰু ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে দুয়োবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি লওক৷ পেষ্টটো ভালকৈ তৈয়াৰ হোৱাৰ পাছত তাত অলপ নিমখ মিহলি কৰি দিয়ক৷ এতিয়া স্ক্ৰাবাৰৰ সহায়ত ভালকৈ মিশ্ৰণটো তিয়াই ভেঁকুৰ লগা সামগ্ৰীসমূহক স্ক্ৰাব কৰক৷ এনেদৰে কিছু সময় ঘঁহি কুহুমীয়া পানীৰে ধুই শুকান কাপোৰেৰে মচি দিয়ক৷ মনত ৰাখিব সামগ্ৰীসমূহত যাতে পানী অকণো লাগি নাথাকে৷


(৩) আপোনাৰ ওচৰত যদি ভিনেগাৰ নাই, তেন্তে আপুনি নেমু ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে কাঠৰ সামগ্ৰীসমূহত বেকিং ছ’ডা ছটিয়াই দিয়ক৷ তাৰ পাছত বেকিং ছ’ডাখিনিৰ ওপৰত নেমু চেপি দি তেনেকৈ থৈ দিয়ক৷ কিছু সময় পাছত স্ক্ৰাবাৰেৰে ভালকৈ ঘঁহি ঘঁহি ধুই দিয়ক৷ দেখিব আপোনাৰ কাঠৰ সমাগ্ৰীসমূহ একেবাৰে নতুনৰ দৰে হৈ উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here