কাজিৰঙা অভয়াৰণ্যত দুটানতুন প্ৰজাতিৰ স্তন্যপায়ীৰ সন্ধান লাভ

0
117


বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ নতুন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ সন্ধান পোৱা গৈছে৷ জীৱ-জন্তু জৰীপৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ দুটাকৈ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি আৱিষ্কাৰ হোৱাৰ লগে লগে আচৰিত হোৱাৰ লগতে উৎফুল্লিত হৈছে প্ৰকৃতিপ্ৰেমী৷ ৰাষ্ট্ৰীয় উদ্যানখনত উদ্ধাৰ হোৱা স্তন্যপায়ী প্ৰাণী দুটা হ’ল বিনতুৰং আৰু সৰু হাতোৰাৰ উদ৷ ইয়াৰ লগে লগে অভয়াৰণ্যখনত থকা স্তন্যপায়ী প্ৰজাতিৰ তালিকা ৩৭ টালৈ বৃদ্ধি পালে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি বিনতুৰং অৰ্থাৎ মেকুৰী ভালুক বুলিও জনা যায়, যিটো ভাৰতৰ আটাইতকৈ ডাঙৰ জহামাল৷ এই প্ৰাণীটো দক্ষিণ আৰু দক্ষিণ পূব ভাৰতৰ থলুৱা এবিধ বৃক্ষীয় স্তন্যপায়ী প্ৰাণী৷ নিশা আৰু বৃক্ষীয় অভ্যাসৰ বাবে ইয়াক সহজে পোৱা নাযায়৷ আনহাতে সৰু হাতোৰাৰ অৱস্থিতিয়ে বনাঞ্চলখনৰ গৌৰৱ আৰু দুগুণ বৃদ্ধি কৰিলে৷ সৰু নখযুক্ত উদ বা সৰু হাতোৰাৰ উদৰ এছিয়াৰ সৰু নখযুক্ত উদ বুলিও কোৱা হয়৷ এই প্ৰজাতিৰ উদটোৱেই হ’ল পৃথিৱীৰ আটাইতকৈ সৰু উদৰ প্ৰজাতি৷ ইয়াৰ বিস্তৃতি দক্ষিণ এছিয়াত ভাৰতৰ মাজেৰে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনৰ পূব দিশলৈকে বিস্তৃত৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে সৰু নখযুক্ত উদৰ ভৰিৰ আংশিকভাৱে জালযুক্ত আৰু সৰু নখ থাকে৷ যাৰ ফলত ই জলজ পৰিৱেশত দক্ষ চিকাৰী হয়৷ এই প্ৰজাতিৰ উদক নৈ, জলাশয় বা মিঠা পানীত পোৱা যায়৷ উল্লেখ্য যে এই নতুন প্ৰজাতিৰ প্ৰাণীৰ উপস্থিতিয়ে উদ্যান কৰ্তৃপক্ষক উৎসাহিত আৰু আনন্দিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here