কাইলৈৰ পৰা ফ্ৰান্সত তৃতীয়টো লকডাউন

0
1329

কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে গোটেই বিশ্বতে পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে৷ ফ্ৰান্সত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ দূৰ কৰিবলৈ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে দেশজোৰা তৃতীয়টো লকডাউনৰ নিৰ্দেশ দিয়ে৷ মেক্ৰনে কয় যে বিদ্যালয়সমূহ তিনি সপ্তাহ বন্ধ থাকিব৷ উল্লেখযোগ্য যে ফ্ৰান্সত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৱে দেখা দিছে আৰু চিকিৎসালয়সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাৰ আশংকাই দেখা দিছে৷ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ১ লাখ হৈছেগৈ আৰু আটাইতকৈ বেছি সংক্ৰমণ হোৱা অঞ্চলবোৰৰ চিকিৎসালয়সমূহৰ আই চি ইউবোৰত ঠাই নোহোৱা হৈছে৷ তদুপৰি পৰিকল্পনা কৰাতকৈ টিকাকৰণো মন্থৰ হৈছে৷ দেশবাসীক উদ্দেশ্যি টেলিভিছনত দিয়া এটা ভাষণত মেক্ৰনে কয়, ‘আমি যদি এতিয়াই পদক্ষেপ নলওঁ তেন্তে আমি নিয়ন্ত্ৰণ হেৰুৱাম৷’ পেৰিছত আৰু উত্তৰ আৰু দক্ষিণৰ কিছুমান অঞ্চলত এসপ্তাহতকৈও বেছি দিনৰ আগতে জাৰি কৰা নিষেধাজ্ঞা এতিয়া সমগ্ৰ দেশখনত শনিবাৰৰ পৰা কমেও এমাহৰ বাবে প্ৰযোজ্য হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here