কাইলৈৰ পৰা এসপ্তাহলৈ পুনেত ১২ ঘণ্টীয়া নৈশ সান্ধ্য আইন

0
1031

কভিড-১৯ৰ সংক্ৰমণ অতি উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কাৰণে মহাৰাষ্ট্ৰৰ পুনে মহানগৰৰ চৰকাৰী কতৃৰ্পক্ষ‌ই ৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ১২ ঘণ্টীয়া নৈশ সান্ধ্য আইন ঘোষণা কৰিছে৷ এই ব্যৱস্থা কমেও এসপ্তাহলৈ বলৱৎ থাকিব আৰু অহা শুকুৰবাৰে নিৰ্দেশটোৰ লগতে কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ বিষয়ে পুনৰ পৰ্যালোচনা কৰা হ’ব৷ পুনেৰ সাংমাণ্ডলিক আয়ুক্ত সৌৰভ ৰাৱে কয় যে অহা সাত দিনলৈ সকলো ধৰ্মীয় স্থান, হোটেল, বাৰ, শ্বপিং মল, চিনেমা হল বন্ধ থাকিব৷ এই সময়ছোৱাত নিশা ১০ বজাপৰ্যন্ত কেৱল খাদ্য, ঔষধ আৰু আন অত্যাৱশ্যকীয় সামগ্ৰীৰ হ’ম ডেলিভাৰীৰ বাবেহে অনুমতি দিয়া হ’ব৷ উল্লেখ্য যে মহানগৰখনত নতুনকৈ ৮০১১জন লোকৰ দেহলৈ কভিড-১৯ৰ সংক্ৰমণ ঘটিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here