কলৰ তিনিটা বিশেষ আচৰিত গুণ : আপুনি জানেনে?

0
1492


আপুনি কল খাই ভাল পায় নেকি? তেন্তে আজি আপুনি নিশ্চয় আমাৰ লেখাটো পঢ়ি ভাল পাব৷ কলক ফলৰ ৰজা বুলি কোৱা হয়৷ ই এনেকুৱা এবিধ ফল, যি বছৰটোৰ বাৰ মাহে উপলব্ধ৷ এটা মধ্যমীয়া আকাৰৰ পকা কলত ৪৫০ গ্ৰাম পটেচিয়াম, ২৮ গ্ৰাম কাৰ্বহাইড্ৰেট আৰু ১৫ গ্ৰাম প্ৰাকৃতিক চেনি পোৱা যায়৷ ইয়াক বিভিন্ন ধৰণে আপোনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰিব পাৰি৷ নিউট্ৰিচনিষ্ট জিলন শ্বাহৰ মতে আপুনি কল যিকোনো সময়তে খাব পাৰে৷ ইয়াক ফল হিচাপে খোৱাৰ উপৰি কলৰ মিল্কচেক, কলৰ চব্জি নাইবা কলৰ সৰু সৰু পিচ কৰি চিপছ হিচাপেও খাব পাৰি৷ খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে ঔষধি গুণ৷ আপুনি যদি এইবিধ ফল নাখায় বা খাবলৈ ভাল নাপায়, কলৰ এই তিনিটা বিশেষ গুণ জনাৰ পাছত আপুনি হয়তো কলক দৈনিক আপোনাৰ ডায়েটত অন্তৰ্ভুক্ত কৰিব বিচাৰিব৷


এই বিশেষ গুণ তিনিটা হৈছে–

(১) দৈনিক এটাকৈ কল সেৱন কৰিলে গেছ, বদহজম, কোষ্ঠকাঠিন্য আদিৰ সমস্যা কম হয়৷ অৰ্থাৎ কলে হজম শক্তি বৃদ্ধি কৰে
(২) কলত থকা পটেচিয়াম আৰু ঘুলনশীল ফাইবাৰে শৰীৰৰ পৰা অলাগতিয়াল চডিয়াম নিষ্কাশন কৰাত সহায় কৰে৷ ফলত ই আপোনাৰ শৰীৰত অতিৰিক্ত পানী জমা হোৱাত বাধা প্ৰদান কৰে৷
(৩) কলে আমাৰ মানসিক অৱসাদ দূৰ কৰিব পাৰে৷ কলত থকা ভিটামিন-৬ এ মগজুত চেৰ’টনিন উৎপন্ন কৰাত সহায় কৰে৷ এই ছেৰ’টনিন হৈছে এনে এবিধ ৰসায়ন, যিয়ে মগজুক সতেজ আৰু সক্ৰিয় কৰি ৰাখে৷ ইয়াক কেতিয়াবা হেপ্পি কেমিকেল বুলিও কোৱা হয়৷ গতিকে দুশ্চিন্তা, মানসিক চাপ আদি দূৰ কৰিবলৈ দৈনিক এটাকৈ কল খাওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here