কলৰ উপকাৰিতা :

0
2033


কলৰ উপাদান-
পটাছিয়াম— ৩৫৪ মিলিগ্রাম

কপাৰ— .০৮ মিলিগ্রাম

মেংগানিজ- .০২৭ মিলিগ্রাম

মেগনেচিয়াম- .২৮

কার্ব’হাইড্ৰেট- ২৪ গ্রাম

ফাইবাৰ— ৩.১ গ্রাম

প্ৰ’টিন- ১.৩ গ্রাম

কলৰ উপকাৰিতা-
⬛কলত থকা পটাছিয়াম এনে এবিধ খনিজ পদার্থ যি মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
⬛কলে শৰীৰত পটাছিয়ামৰ পৰিমাণ বঢ়ায় আৰু লগত থকা ছডিয়ামৰ পৰিমাণ কমায়। সেই কাৰণে কলে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
⬛কল খালে কিডনিৰ অসুখ হোৱাৰ আশংকা শতকৰা ৫০ ভাগ কমে।
⬛কল প্রাকৃতিক এন্টাচিড বুলিও জনাজাত।
⬛কল খালে মানুহৰ পেট, বুকু আদিৰ জ্বলা-পোৰাৰ উপশম ঘটে।
⬛কলে মানসিক বিষন্নতা হ্রাস কৰে।
⬛কলত থকা ভিটামিন ‘বি’ য়ে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বঢ়ায় যি মানুহৰ দেহত হোৱা প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
⬛কলত থকা উচ্চ আইৰনৰ পৰিমাণে ৰক্তহীনতা ৰোগৰ পৰা বচাই ৰাখে।
⬛ব্যায়াম কৰাসকলৰ কাৰণে তাৎক্ষণিক শক্তি যোগানত কলৰ প্রাধান্য দেখা যায়। কাৰণ কলত লাগতিয়াল গ্লু’কজ, ফ্ৰুক্টজ, পটাছিয়াম আদিৰ পৰিমাণ বেছি।
⬛পাকস্থলীত খাদ্য হজম কৰাত সহায় কৰে।

⬛কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
⬛অষ্টিয়পৰ’চিচ ৰোগ হ্রাস কৰাত কলৰ যথেষ্ট ভূমিকা আছে।
⬛এণ্টি অক্সিডেণ্ট হিচাপেও কলে সহায় কৰে।
⬛নিয়মিতভাৱে কল খোৱা লোকসকলৰ হাৰ্ট এটেকৰ ভয় ৪০ শতাংশ কম কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here