কভেক্সিনে কৰ’নাৰ ৬১৭টা ৰূপ নিষ্ক্ৰিয় কৰিব পাৰে

0
962

আমি ভাৰতত জটিল অৱস্থা দেখিবলৈ পাইছোঁ যদিও ইয়াৰ বিৰুদ্ধে টিকাকৰণ অতি বেছি গুৰুত্বপূৰ্ণ এণ্টিডট হ’ব পাৰে৷

হোৱাইট হাউছৰ মুখ্য চিকিৎসা উপদেষ্টা আৰু আমেৰিকাৰ শীৰ্ষ মহামাৰী বিশেষজ্ঞ ডাঃ এন্থনী ফাউচিয়ে কয় যে,ভাৰত বায়’টেকে উৎপাদন কৰা ভাৰতৰ ঘৰুৱা কভিড ভেকচিন কভেক্সিনে কৰ’না ভাইৰাছৰ ৬১৭টা ৰূপ নিষ্ক্ৰিয় কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে৷ যোৱা ২৮ এপ্ৰিলত এখন সংবাদমেলত ফাউচিয়ে কয় যে এই সন্দৰ্ভত আমি দৈনিক ভিত্তিত এতিয়াও তথ্য-পাতি সংগ্ৰহ কৰি আছোঁ৷ কিন্তু অতি শেহতীয়া তথ্য মতে ভাৰতত ব্যৱহাৰ কৰা কভেক্সিন লোৱা লোকসকলৰ কনভালছেণ্ট ছেৰা কেনেকুৱা আছিল আৰু দেখা গৈছিল যে কভেক্সিনে ৬১৭টা ৰূপ নিষ্ক্ৰিয় কৰিব পাৰে৷ ডাঃ ফাউচিয়ে সাংবাদিকসকলক কয়, ‘গতিকে আমি ভাৰতত জটিল অৱস্থা দেখিবলৈ পাইছোঁ যদিও ইয়াৰ বিৰুদ্ধে টিকাকৰণ অতি বেছি গুৰুত্বপূৰ্ণ এণ্টিডট হ’ব পাৰে৷’ তেওঁ কয় যে কভিড-১৯১ ভেক্‌চিন লোৱাটো অতি গুৰুত্বপূৰ্ণ৷ উল্লেখ্য যে ভাৰত বায়’টেকে নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজি আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, চমুকৈ আই চি এম আৰৰ সহযোগিতাত কভেক্সিন উদ্ভাৱন কৰিছে৷ ভাৰত চৰকাৰে ৩ জানুৱাৰীত এই ভেক্‌চিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনাইছিল৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ ৪৫ বছৰৰ ঊধ্বৰ্ৰ ব্যক্তিক এই ভেকচিনবিধ প্ৰদান কৰি আছে যদিও অহা ২ মে’ৰ পাছত ১৮ বছৰৰ ঊধ্বৰ্ৰ সকলো লোককে ভেক্‌চিন প্ৰদান কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here