কভেক্সিনে কৰ’নাৰ ডাব্‌ল মিউটেণ্ট ষ্ট্ৰেইন ধবংস কৰিব পাৰে

0
1896

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ যোৱা ২১ এপ্ৰিলত কয় যে ভাৰত বায়’টেকে তৈয়াৰ কৰা কভিড-১৯ৰ ভেক্‌চিন কভেক্সিনে SARS-COV-2 ৰ ডাব্‌ল মিউটেণ্ট ষ্ট্ৰেইন আৰু আন ৰূপবোৰো কাৰ্যকৰীভাৱে ধবংস কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে৷ আই চি এম আৰৰ মহামাৰী ৰোগবিদ্যা আৰু সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডাই কয় যে এইটো এটা ভাল খবৰ আৰু আশা প্ৰকাশ কৰে যে ভেক্‌চিনটোৰ বিষয়ে এই নতুন তথ্যই কভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ সময়ত জনসাধাৰণৰ মাজত উৎকণ্ঠা কমাব৷ ডাঃ পাণ্ডাই কয় যে উদ্বেগৰ কাৰণ আন ৰূপবোৰৰ উপৰি কভেক্সিনে ডাব্‌ল মিউটেণ্ট ষ্ট্ৰেইনো কাৰ্যকৰীভাৱে নিষ্ক্ৰিয় কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে৷ আই চি এম আৰৰ নেশ্যনেল ইন্‌ষ্টিটিউট ভাইৰ’লজিৰ বিজ্ঞানীসকলে কয় যে তেওঁলোকে ডাবল মিউটেণ্ট ষ্ট্ৰেইন পৃথক আৰু কালচাৰ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি তেওঁলোকে SARS-COV-2 ভাইৰাছৰ আন দুটা ৰূপ ক্ৰমে B.1.1.7 (ইউ কেৰ ৰূপ) আৰু B.1.1.28.2 O (ব্ৰাজিলৰ ৰূপ) পৃথক আৰু কালচাৰ কৰিবলৈ সক্ষম হৈছে৷ নতুন দিল্লীৰ পৰা পোৱা আন এটা বাতৰি মতে, যোৱা ২১ এপ্ৰিলত ভাৰত বায়’টেকে কয় যে কভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অন্তৰ্ৱৰ্তী ফলৰ পৰা দেখা গৈছে যে সামান্য, মধ্যমীয়া আৰু গুৰুতৰ কেছবোৰৰ ক্ষেত্ৰত ভেক্‌চিনটোৰ কাৰ্যকাৰিতা ৭৮ শতাংশ৷ ভেক্‌চিন উৎপাদনকৰ্তা প্ৰতিষ্ঠানটোৱে কয় যে তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অন্তৰ্ৱৰ্তী ফলৰ পৰা এইটোও দেখা গৈছে যে কভেক্সিন লোৱাৰ পাছত সংক্ৰামক ৰোগটোৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱাৰ সম্ভাৱনা ১০০ শতাংশ হ্ৰাস পায়৷ এটা বিবৃতিত ভাৰত বায়’টেকে কয় যে সংক্ৰমণৰ শেহতীয়া বৃদ্ধিৰ কাৰণে ১২৭টা লক্ষণবিহীন কেছ ৰেকৰ্ড কৰা হয়৷ ফলত সামান্য, মজলীয়া আৰু গুৰুতৰ কভিড-১৯ ৰোগৰ বিৰুদ্ধে ভেক্‌চিনটোৰ কাৰ্যকাৰিতা ৭৮ শতাংশ বুলি প্ৰমাণ পোৱা হয়৷ লক্ষণবিহীন কভিড-১৯ সংক্ৰমণৰ বিৰুদ্ধে ভেক্‌চিনটোৰ কাৰ্যকাৰিতা ৭০ শতাংশ পোৱা হয়৷ ইয়াৰ অৰ্থ হ’ল কভেক্সিন লোৱাসকলৰ সংক্ৰমণৰ হাৰ কম৷ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱা হৈছিল ১৮–৯৮ বছৰ বয়সৰ ২৫,৮০০ অংশগ্ৰহণকাৰীক লৈ৷ তেওঁলোকৰ ভিতৰত ১০ শতাংশ আছিল ৬০ বছৰৰ ঊধ্বৰ্ৰ৷ দ্বিতীয়টো ড’জ লোৱাৰ ১৪ দিনৰ পাছত তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলোৱা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here