ক’ভেক্সিনে এতিয়ালৈকে কিয় পোৱা নাই WHO-ৰ অনুমোদন (Why has WHO not approved Covaxin yet?)

0
322
ক’ভিড-১৯ৰ ভাৰতীয় ভেক্‌চিন ক’ভেক্সিনৰ সন্দৰ্ভত প্ৰস্তুতকৰ্তা ভাৰত বায়’টেকৰ পৰা বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই অতিৰিক্ত স্পষ্টীকৰণ বিচাৰিছে৷ সংগঠনটোৰ কাৰিকৰী উপদেষ্টা গোটৰ বৈঠকৰ আগতে বিশ্ব স্বাস্থ্য সংস্থাটোৱে কৈছিল যে যদি তেওঁলোক তথ্য-পাতিত সন্তুষ্ট হয়, তেন্তে ২৪ ঘণ্টাৰ ভিতৰত ক’ভেক্সিনৰ সম্পৰ্কত সিদ্ধান্ত ল’ব৷ এতিয়া এই গোটৰ পৰৱৰ্তী বৈঠক ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ সেই বৈঠকতে ক’ভেক্সিনৰ বিশ্বজুৰি ব্যৱহাৰৰ ক্ষেত্ৰত চূড়ান্ত মূল্যায়ন হ’ব৷ ভাৰত বায়’টেকে ১৯ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাক ক’ভেক্সিনৰ অনুমোদনৰ বাবে আৱেদন জনাইছিল৷ কিন্তু এতিয়ালৈকে অনুমোদন পোৱা নাই৷ ইয়াৰ ফলত ক’ভেক্সিন লোৱা লোকসকলে বিদেশ যাত্ৰা কৰিব পৰা নাই৷ ক’ভেক্সিনে অনুমোদন পালে ইয়াক ভেক্‌চিন পাছপ’ৰ্ট ৰূপত ব্যৱহাৰ কৰিব পৰা যাব৷ এতিয়ালৈকে ১৩খন দেশে ক’ভেক্সিনক অনুমোদন জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here