কভিশ্বিল্ড লোৱাৰ পাছত পাশ্বৰ্ক্ৰিয়া হোৱা লোকৰ সংখ্যা যথেষ্ট কম : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়

0
2098

ভেক্‌চিন লোৱাৰ পাছত তেজ খমলা বন্ধাৰ লগতে আন আন পাশ্বৰ্ক্ৰিয়াৰো সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ভিতৰত বুকুত বিষ অনুভৱ কৰা, উশাহ লোৱাত কষ্ট পোৱা, পেটৰ বিষ, দুৰ্বলতা তথা দেখাত অসুবিধা পোৱাৰ দৰে সমস্যাও আছে৷

ভাৰতত কৰ’না ভাইৰাছৰ ভেক্‌চিন কভিশ্বিল্ড লোৱাৰ পাছত তেজ খমলা বন্ধা লোকৰ সংখ্যা যথেষ্ট কম৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভেক্‌চিন লোৱাৰ পাছত ২৩,০০০তকৈ অধিক লোকৰ এনেধৰণৰ ঘটনা ঘটে৷ দেশৰ ৬৮৪খন জিলাত তেজ খমলা বন্ধাৰ তথ্য লাভ কৰা হয়৷ ইয়াৰে ৭০০জনৰ অৱস্থা সংকটজনক আছিল৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, তেজ খমলা বন্ধাৰ হাৰ হ’ল প্ৰতি দহ লাখত ০.৬১%৷ তেজ খমলা বন্ধাৰ তথ্য লাভ কৰাৰ পাছত এই বিষয়ত স্বাস্থ্য মন্ত্ৰ্যালয়ে এক নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ মন্ত্ৰ্যালয়ে এইবুলি পৰামৰ্শ দিছে যে এই ভেক্‌চিন লোৱাৰ পৰা ২০ দিনৰ ভিতৰত কোনোধৰণৰ বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’লে ভেক্‌চিন লোৱা স্থানৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে৷ ভেক্‌চিন লোৱাৰ পাছত তেজ খমলা বন্ধাৰ লগতে আন আন পাশ্বৰ্ক্ৰিয়াৰো সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ভিতৰত বুকুত বিষ অনুভৱ কৰা, উশাহ লোৱাত কষ্ট পোৱা, পেটৰ বিষ, দুৰ্বলতা তথা দেখাত অসুবিধা পোৱাৰ দৰে সমস্যাও আছে৷ উল্লেখ্য যে কভেক্সিনৰো এতিয়ালৈকে কোনোধৰণৰ পাশ্বৰ্ক্ৰিয়া দেখিবলৈ পোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here