কভিশ্বিল্ড-কভেক্সিনৰ মিশ্ৰণে অধিক ভাল ফল দিব: ICMR

0
517
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-ৰ এক গৱেষণাৰ পৰা প্ৰকাশ পাইছে যে ভাৰতৰ কভিড বিৰোধী টিকাকৰণৰ মুখ্য ভেক্‌চিন কভিশ্বিল্ড আৰু কভেক্সিনৰ মিশ্ৰণে বাস্তৱত বেছি ভাল ফল দিব পাৰে৷ ভুলতে দুটা বেলেগ বেলেগ ভেক্‌চিনৰ দুটা পালি লোৱা উত্তৰ প্ৰদেশ সিদ্ধাৰ্থ নগৰৰ ১৮জন লোকক লৈ এই গৱেষণা কৰা হৈছিল৷ উল্লেখ্য যে ভেক্‌চিনৰ মিশ্ৰণ বিষয়ত বিশ্বজুৰি আলোচনা হৈ আছে৷ ভৱিষ্যতৰ সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ বৃদ্ধি কৰিবৰ বাবে সকলো অধ্যয়নে দুটা ভেক্‌চিনৰ মিশ্ৰণৰ পক্ষত আছে৷ Central Drugs Standard Control Organization-এ জুলাইত কভিশ্বিল্ড আৰু কভেক্সিনৰ মিশ্ৰণৰ পৰীক্ষাত অনুমোদন জনাইছিল৷ ভেলোৰৰ ক্ৰিষ্টিয়ান মেডিকেল কলেজত ৩০০জন স্বাস্থ্যৱান স্বেচ্চাসেৱকৰ ওপৰত এই পৰীক্ষা কৰা হ’ব৷ সেই পৰীক্ষাটোহে কভিশ্বিল্ড আৰু কভেক্সিনৰ মিশ্ৰণৰ সঠিকভাৱে পৰীক্ষা হ’ব৷ ICMR-ৰ অধ্যয়ন আছিল মে’ত হোৱা খেলিমেলিৰ ওপৰত আধাৰিত৷ ভেক্‌চিনৰ মিশ্ৰণ হোৱা বাবে উত্তৰ প্ৰদেশৰ লোক কেইজনৰ শৰীৰত কোনোধৰণৰ তাৎক্ষণিক বিপৰীত প্ৰভাৱ দেখা পোৱা নাছিল৷ এতিয়া অধিক অধ্যয়নৰ পৰা জানিব পৰা গ’ল যে মিশ্ৰণে বাস্তৱত একেধৰণৰ দুপালি ভেক্‌চিন লোৱাসকলৰ তুলনাত তেওঁলোকৰ সুৰক্ষা বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here