কভিশ্বিল্ডৰ দুটা ড’জৰ মাজৰ ব্যৱধান বৃদ্ধি

0
1520

কেন্দ্ৰীয় চৰকাৰে এখন চৰকাৰী সমিতিয়ে পৰামৰ্শ দিয়াৰ পাছত কভিশ্বিল্ড ভেক্‌চিনৰ দুটা ড’জ লোৱাৰ মাজৰ সময়ৰ ব্যৱধান ৬–৭ সপ্তাহৰ পৰা ১২–১৬ সপ্তাহলৈ বৃদ্ধি কৰাত অনুমোদন জনায়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা কয়৷ অৱশ্যে নেশ্যনেল টেক্‌নিকেল এডভাইজৰী গ্ৰুপ অন ইমুনাইজেশ্যন চমুকৈ NTAIG-এ কভেক্সিনৰ দুটা ড’জৰ মাজৰ ব্যৱধান সলনিৰ পৰামৰ্শ দিয়া নাই৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে প্ৰাপ্ত প্ৰকৃত প্ৰমাণৰ ভিত্তিত, বিশেষকৈ UK-ৰ পৰা পোৱা তথ্য প্ৰমাণ আদিৰ ভিত্তিত, কভিড-১৯ ৱৰ্কিং গ্ৰুপে কভিশ্বিল্ডৰ দুটা ড’জৰ মাজৰ ব্যৱধান ১২–১৬ সপ্তাহলৈ বৃদ্ধি কৰিবলৈ সন্মত হয়৷ অৱশ্যে কভেক্সিনৰ ড’জৰ মাজৰ ব্যৱধান সালসলনি কৰিবলৈ পৰামৰ্শ দিয়া নাই৷ উল্লেখ্য যে ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াই উৎপাদন কৰা কভিড-১৯ৰ ভেকচিন কভিশ্বিল্ডৰ দুটা ড’জৰ মাজৰ বৰ্তমান ব্যৱধান ৬–৭ সপ্তাহ৷ ভালেমান ৰাজ্যত ভেক্‌চিনৰ নাটনিৰ বাতৰিৰ মাজত কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ লৈছে৷ দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তেলেংগানাকে ধৰি ভালেমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে বিদেশৰ পৰা ভেক্‌চিন আমদানিৰ বাবে নিবিদা আহবান কৰিবলৈ সিদ্ধান্ত লৈছে৷ কাৰণ ঘৰুৱা যোগানে বৰ্ধিত চাহিদা পূৰাব পৰা নাই৷ উল্লেখ্য যে যোৱা কেইমাহমানৰ ভিতৰত কভিশ্বিল্ডৰ দুটা ড’জ লোৱাৰ ব্যৱধান দ্বিতীয়বাৰৰ বাবে বৃদ্ধি কৰা হ’ল৷ যোৱা মাহত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই ভেক্‌চিনটো লোৱাৰ ব্যৱধান ২৮ দিনৰ পৰিৱৰ্তে ৬–৭ সপ্তাহলৈ বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here