কভিশ্বিল্ডৰ ড’জ লোৱাৰ ব্যৱধান বৃদ্ধি ফলদায়ক হ’ব : এন কে অৰোৰা

0
2454

কভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই কয় যে কভিশ্বিল্ডৰ দুটা ড’জ লোৱাৰ মাজৰ সময়ৰ ব্যৱধান বৃদ্ধিৰ সিদ্ধান্ত বিজ্ঞানৰ ভিত্তিতহে লোৱা হৈছে, ভেক্‌চিনৰ নাটনিৰ কাৰণে নহয়৷ উল্লেখ্য যে কভিড ৱৰ্কিং গ্ৰুপৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কভিশ্বিল্ডৰ দুটা ড’জ লোৱাৰ মাজৰ ব্যৱধান ৬–৭ সপ্তাহৰ পৰিৱৰ্তে ১২–১৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ কভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই কয় যে দুটা ড’জৰ মাজৰ ব্যৱধান বৃদ্ধিৰ লাভ বা সুফলৰ তুলনা কৰিবলৈ চৰকাৰে এটা বিতং অধ্যয়ন চলাইছিল৷ ‘নেশ্যনেল টেকনিকেল এডভাইজৰি গ্ৰুপ অন ইমুনাইজেশ্যন’ৰ সদস্য ডাঃ অৰোৰাই ভেক্‌চিনৰ নাটনি হোৱাৰ কাৰণে ১৮–৪৪ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণ দেশখনৰ কিছুমান অংশত বন্ধ কৰি দিবলগীয়া হোৱাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি চলা গুণা-গঁথা নাকচ কৰে৷ তেওঁ কয় যে ব্যৱধান এমাহ বঢ়াই দিলে পাৰ্থক্য একো নহয়৷ প্ৰায় ৪–৬ কোটি ড’জৰ পাৰ্থক্য হ’ব৷ গতিকে দ্বিতীয়টো ড’জ এমাহৰ পাছত দিলে ভেক্‌চিনৰ একো নাটনি নহয়৷ ব্যৱধান বৃদ্ধি কৰাটো ফলদায়ক৷ তেওঁৰ মতে, নতুন বৈজ্ঞানিক তথ্যৰ পৰা জানিব পৰা গৈছে যে ভাৰতত কভিশ্বিল্ড বুলি কোৱা অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ ভেক্‌চিনটোৰ দ্বিতীয়টো ড’জ যদি তিনি মাহৰ পাছত দিয়া হয়, তেন্তে সংক্ৰমণৰ পৰা সুৰক্ষাৰ সম্ভাৱনা ৬৫%–৮৮% বাঢ়ে৷ ভেক্‌চিনটোৰ বিষয়ে প্ৰাৰম্ভিক অধ্যয়নত আনকি ৪৪ সপ্তাহৰ ব্যৱধানৰ কথা কোৱা হৈছিল৷ কানাডাই ব্যৱধান চাৰি মাহ কৰিছে৷– ডাঃ অৰোৰাই কয়৷ তেওঁ কয় যে দ্বিতীয়টো ড’জ লোৱাৰ পাছত ভাইৰাছৰ বিৰুদ্ধে এণ্টিবডি, অৰ্থাৎ প্ৰতিৰক্ষী যথেষ্ট বাঢ়ে৷ কিন্তু সেইবোৰৰ প্ৰভাৱৰ মাত্ৰা কিমান সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ কিন্তু তথ্যই দেখুৱাইছে যে যদি ব্যৱধান বৃদ্ধি কৰা হয় তেন্তে প্ৰতিৰক্ষী ৪০%–৫০% বাঢ়ে৷ তেওঁ কয় যে এমাহ বা দুমাহৰ ব্যৱধানত ভেক্‌চিনৰ ড’জ লোৱাসকল উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here