কভিড ৰোগীৰ ক্লান্তি, উশাহ লোৱাত কষ্ট এবছৰলৈ থাকিব পাৰে

0
515
এক নতুন চীনা অধ্যয়নৰ মতে ক্লান্তি আৰু উশাহ লওঁতে কষ্ট পোৱাৰ দৰে কভিড-১৯ৰ লক্ষণবোৰে কৰ’নাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা বহু ৰোগীক এবছৰৰ পাছতো অসুবিধা দিয়ে৷ চিকিৎসা বিষয়ক ব্ৰিটিছ পত্ৰিকা  Lancet-ত প্ৰকাশিত এই অধ্যয়নত আৰু কোৱা হৈছে যে কভিড-১৯ৰ চিকিৎসা লৈ চিকিৎসালয়ৰ পৰা যোৱাৰ পাছতো আধাসংখ্যক লোকে অতি কমেও এটা লক্ষণত ভোগে৷ সততে ১২ মাহৰ পাছতো ক্লান্তি বা পেশীৰ দুৰ্বলতাত ভোগে৷ এই অধ্যয়নত আৰু কোৱা হৈছে যে চিকিৎসা শেষ হোৱাৰ এবছৰৰ পাছতো তিনিজনৰ এজন ৰোগীৰ উশাহ লোৱাত কষ্ট হোৱাৰ অসুবিধা থাকে৷ অধ্যয়নটোত আৰু কোৱা হৈছে– ‘বহু ৰোগীৰ বাবে সম্পূৰ্ণ আৰোগ্য হ’বলৈ এবছৰতকৈও বেছিদিন লাগে৷’ ২০২০ চনৰ জানুৱাৰীৰ পৰা মে’ৰ ভিতৰত মধ্য চীনৰ উহান মহানগৰত [মহামাৰীয়ে প্ৰথম আক্ৰমণ কৰা ঠাই] চিকিৎসালয়ত ভৰ্তি হোৱা ১,৩০০জন লোকৰ মাজত এই অধ্যয়ন কৰা হৈছিল৷ অধ্যয়নত আৰু পোৱা গৈছে যে অতি কমেও এটা লক্ষণ দেখা ৰোগী ৬ মাহত ৬৮ শতাংশৰ পৰা ১২ মাহত ৪৯ শতাংশলৈ হ্ৰাস পালে৷ আনহাতে উশাহ-নিশাহত অসুবিধাৰ লোক ৬ মাহত ২৬ শতাংশৰ পৰা ১২ মাহত ৩০ শতাংশলৈ বৃদ্ধি পালে৷ ক্লান্তিৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলা পীড়িত হোৱাৰ সম্ভাৱনা ৪৩ শতাংশ বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here