কভিড-১৯ সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস

0
1327
ৰাজ্যত কাল কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে৷ চৰকাৰৰ কঠোৰ কভিড বিধিৰ বাবে ক্ৰমাৎ সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ ধৰিছে যদিও সংখ্যাগত দিশ আৰু মৃত্যুৰ হাৰৰ ক্ষেত্ৰত সংহাৰী ৰূপ অব্যাহত আছে৷ আনহাতে ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া অসম চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অহা এসপ্তাহৰ ভিতৰত ৰাজ্যৰ কভিড পৰিস্থিতি অধিক উন্নত হ’ব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে ৰাজ্যত কঠোৰ কভিড বিধিৰ বাবে শেহতীয়াকৈ সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে৷ ১০.০১ শতাংশপৰ্যন্ত বৃদ্ধি পোৱা ৰাজ্যৰ সংক্ৰমণৰ হাৰ সম্প্ৰতি ৪ শতাংশৰ ঘৰলৈ নামিছে৷ কিন্তু সংক্ৰমণৰ হাৰ হ্ৰাস পালেও ৰাজ্যত সংখ্যাগতভাৱে আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই৷ এতিয়াও ৰাজ্যত দৈনিক ৫০০০-৬০০০জন লোক আক্ৰান্ত হৈ আহিছে৷ আনহাতে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও প্ৰায় অপৰিৱৰ্তিত আছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ তথ্য অনুসৰি কৰ’নাৰ দ্বিতীয় ঢৌত অসমত অস্বাভাৱিক হাৰত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে৷ ৰাজ্যত যোৱা দুমাহত মৃত্যু হোৱা ১৯০০জন লোকৰ ভিতৰত ১৩৬০জন পুৰুষ আৰু বাকী ৫৪০গৰাকী মহিলা৷ এই সময়ছোৱাত কৰ’নাক্ৰান্ত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ হাৰ প্ৰায় আঢ়ৈ গুণ অধিক৷ লক্ষণীয় যে ৰাজ্যত কৰ’নাত আক্ৰান্ত লোকৰ পৰিসংখ্যাৰ দিশৰ পৰাই নহয়, কৰ’নাত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাৰ পৰাও এইপৰ্যন্ত শীৰ্ষত আছে কামৰূপ মহানগৰ জিলা৷ উল্লেখ্য যে ৰাজ্যত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ প্ৰায় ৫৩,৭২১জন লোক চিকিৎসাধীন হৈ আছে৷ ২৪ ঘণ্টাত ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৭৬ শতাংশলৈ হ্ৰাস পায় যদিও দিনটোত ৰাজ্যত মুঠ ৬২৬৬জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হয়৷ কামৰূপ মহানগৰ জিলাত যোৱা ২৪ ঘণ্টাত ৫৬৯জন লোক আক্ৰান্ত হয়৷ ৰাজ্যত সংক্ৰমণৰ হাৰ যোৱা ২৪ ঘণ্টাত ৪.৭৮ শতাংশ হয়৷ আনহাতে ২৪ ঘণ্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ ৮৩জন লোকৰ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here