কভিড-১৯ প্ৰসংগ – দিল্লীক চেৰ পেলালে অসমে

0
1919

আজি বিশ্বৰ জনগণ কভিডৰ সন্ত্ৰাসত সন্ত্ৰস্ত৷ কৰ’না মহামাৰীয়ে গোটেই বিশ্বৰ জনসাধাৰণক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ এনে সংকটকালত কৰ’না সংক্ৰমণ হাৰক লৈ ভাল খবৰো আছে৷ কভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দিল্লীয়ে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ কিন্তু শেহতীয়া এক খবৰ মতে কভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমে দিল্লীক চেৰ পেলাই নিৰাপদ স্থানত অৱস্থান কৰিছে৷ ৩১ অক্টোবৰ পৰ্যন্ত অসমত সৰ্বমুঠ কৰ’না পজিটিভ আৰু আৰোগ্যৰ লাভৰ হাৰ আছিল শতাংশ, আনহাতে ইয়াৰ বিপৰীতে দিল্লীৰ এই হাৰ হৈছে শতাংশ৷ কভিড-১৯ পৰীক্ষাৰ ক্ষেত্ৰত অসমত প্ৰতি এক নিযুত লোকৰ বিপৰীতে ৬০১৭ গৰাকী লোকৰ দেহত পজিটিভ পোৱা গৈছে, তাৰ পৰিৱৰ্তে দিল্লীত প্ৰতি নিযুত লোকৰ বিপৰীতে ১৯৫১৭ গৰাকীৰ দেহত পজিটিভ পোৱা হৈছে৷ অসমৰ তুলনাত এই ক্ষেত্ৰত কভিড আক্ৰান্তৰ সংখ্যা বহু বেছি৷ আনহাতে অসমত ৩১ অক্টোবৰলৈকে কভিড পজিটিভ চিনাক্ত হোৱা লোকৰ সংখ্যা আছিল ২০৬৩৫১ গৰাকী আৰু ইয়াৰ ভিতৰত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৯৬০৫১ গৰাকী; ইয়াৰ বিপৰীতে দিল্লীত চিনাক্ত হোৱা লোকৰ সংখ্যা হ’ল ৩৮৬৭০৬ গৰাকী আৰু আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ৩৪৭৪৭৬ গৰাকী৷ আনহাতে অসমত কভিড-১৯-অত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯৩০জন লোকৰ, ইয়াৰ বিপৰীতে কৰ’নাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৬৫১১ গৰাকী৷ এনেধৰণৰ তাৰতম্যলৈ লক্ষ্য ৰাখি আমি ক’ব পাৰোঁ যে কৰ’না ভাইৰাছৰ ক্ষেত্ৰত অসমে দিল্লীক সকলোতে চেৰ পেলাইছে৷ ই এক অসমবাসীৰ বাবে শুভ লক্ষণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here