কভিড-১৯ৰ সংক্ৰমণ বেছি হোৱা জিলাত লকডাউন বৃদ্ধিৰ পোষকতা

0
1283
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ চমুকৈ আই চি এম আৰৰ মুৰব্বী ডাঃ বলৰাম ভাৰ্গৱে এটা সাক্ষাৎকাৰত কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমণ বেছি হোৱা জিলাসমূহত আন ছয় সপ্তাহৰ পৰা আঠ সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰা উচিত৷ ডাঃ ভাৰ্গৱে কয় যে যিবিলাক জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ বেছি, সেই সকলো জিলাত লকডাউনৰ নিষেধাজ্ঞা অব্যাহত থকা উচিত৷ উল্লেখ্য যে বৰ্তমান ভাৰতৰ ৭১৮খন জিলাৰ তিনি চতুৰ্থাংশত পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ বেছি৷ তাৰ ভিতৰত দিল্লী, মুম্বাই আৰু বেংগালুৰুৰ দৰে ডাঙৰ মহানগৰসমূহো আছে৷ ইতিমধ্যে দেশখনৰ বৃহৎ অংশত লকডাউন চলি আছে৷ আৰু কিমান দিনলৈ লকডাউন অব্যাহত থকা উচিত৷ অৰ্থনৈতিক প্ৰভাৱৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰা নাই আৰু সেই দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিছে৷ আই চি এম আৰৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত ডাঃ ভাৰ্গৱে কয় যে যিবোৰ জিলাত পজিটিভিটিৰ হাৰ বেছি, সেইবোৰ জিলা বন্ধ ৰখা উচিত৷ যদি সেইবোৰৰ পজিটিভিটিৰ হাৰ ১০ শতাংশৰ পৰা ৫ শতাংশলৈ নামে তেন্তে আমি সেইবোৰ জিলা খুলিব পাৰিম৷ কিন্তু ছয়-আঠ সপ্তাহতকৈ কম সময়ত সেইটো নহ’ব৷ তেওঁ কয় যে দিল্লীত পজিটিভিটিৰ হাৰ প্ৰায় ৩৫ শতাংশ হৈছিল, কিন্তু এতিয়া প্ৰায় ১৭ শতাংশলৈ কমিছে৷ কিন্তু সোনকালে যদি দিল্লী খুলি দিয়া হয়, তেন্তে বিপৰ্যয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here