কভিড-১৯ৰ দ্বিতীয়টো ঢৌ দীঘলীয়া হ’ব

0
1091

প্ৰথমটো ঢৌতকৈ দ্বিতীয়টো ঢৌ বেছি দীঘলীয়া হ’ব আৰু সম্ভৱ জুলাইলৈকে চলি থাকিব৷

ভাৰতত কভিড-১৯ৰ দ্বিতীয়টো ঢৌ সমান হোৱা যেন দেখা গৈছে যদিও হ্ৰাস পাবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব৷ প্ৰথমটো ঢৌতকৈ দ্বিতীয়টো ঢৌ বেছি দীঘলীয়া হ’ব আৰু সম্ভৱ জুলাইলৈকে চলি থাকিব৷ অশোক বিশ্ববিদ্যালয়ৰ ত্ৰিবেদী স্কুল অব্‌ বায়’ছায়েন্সেজৰ সঞ্চালক, বিশিষ্ট ভাইৰ’লজিষ্ট শ্বাহিদ জামিলে এই কথা কয়৷  জামিলে কয় যে যদিও কভিড-১৯ ৰোগীৰ সংখ্যা দ্ৰুত বৃদ্ধিৰ বাবে ভাইৰাছটোৰ নতুন ৰূপবোৰ আংশিকভাৱে দায়ী হ’ব পাৰে৷ মিউটেণ্ট ভাৰ্ছনবোৰ, অৰ্থাৎ উৎপৰিৱৰ্তন ঘটা ৰূপবোৰ বেছি মাৰাত্মক বুলি কোনো ইংগিত পোৱা হোৱা নাই৷ ইণ্ডিয়ান এক্সপ্ৰেছে আয়োজন কৰা এটা অনলাইন অনুষ্ঠানত ভাষণ দি জামিলে কয় যে কভিডৰ ঢৌ শীৰ্ষ পৰ্যায়ত উঠিছে নে নাই সেইটো কোৱাটো আগতীয়া হ’ব৷ জামিলে কয় যে বক্ৰ ৰেখাডাল সমান হোৱা যেন দেখা গৈছে যদিও শীৰ্ষৰ আনটো ফাল সহজে তললৈ নানামে৷ সম্ভৱ বেছি দীঘলীয়া হ’ব আৰু জুলাইলৈকে চলিব৷ অৰ্থাৎ বক্ৰ ৰেখাডাল নামিবলৈ আৰম্ভ কৰিলেও আমি প্ৰতিদিনে আন বহু সূচকৰ সৈতে মোকাবিলা কৰি যাব লাগিব৷ বিজ্ঞানীজনৰ মতে, কভিড-১৯ৰ দ্বিতীয়টো ঢৌ প্ৰথমটো ঢৌৰ দৰে লাহে-ধীৰে কমি নাহে৷ প্ৰথমটো ঢৌ লাহে-ধীৰে কমিছিল৷ কিন্তু দ্বিতীয়টো ঢৌ কমিবলৈ দীঘলীয়া সময় লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here