কভিড-১৯ৰ চিকিৎসাৰ বাবে Clevira-ই লাভ কৰিলে অনুমোদন

0
1450
এপেক্স লেবৰেটৰীজ প্ৰাইভেট লিমিটেডৰ অৰেল এণ্টিভায়ৰেল ‘Clevira’ টেবলেটক কভিড-১৯ৰ মৃদু আৰু মধ্যম প্ৰভাৱৰ ৰোগীৰ চিকিৎসাৰ বাবে সহায়কাৰী উপায়ৰূপে ভাৰত চৰকাৰৰ নিয়ামক অনুমোদন প্ৰদান কৰা হৈছে৷ ‘Clevira’ বৰ্তমান এণ্টিভায়ৰেল অনুমোদনৰ উপৰি কভিড-১৯ৰ মৃদু আৰু মধ্যম স্থিতিৰ বাবে সহায়ক উপায়ৰূপে প্ৰস্তুতকৰণ আৰু বিপণনৰ মঞ্জুৰি লাভ কৰিছে৷ এই ঔষধটোক এণ্টিভায়ৰেল অনুমোদনৰ বাহিৰেও এক অতিৰিক্ত সংকেতৰূপে মঞ্জুৰি প্ৰদান কৰা হৈছে৷ Clevira-ৰে চিকিৎসা কৰা ৰোগীৰ চিকিৎসাৰ পঞ্চম দিনত সুস্থ হোৱাৰ হাৰ ৮৬ শতাংশ লাভ কৰা গৈছে৷ আনহাতে চিকিৎসাৰ দশম দিনত ৰিক’ভাৰী ৰেট এশ শতাংশ হৈছে৷ একেদৰে চাৰিদিনৰ পিছত সকলো লক্ষণৰ পৰা ক্লিনিকেল ৰিক’ভাৰী লাভ কৰে৷ ইয়াৰ লগতে Clevira-ই লিভাৰ আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে৷ ভাৰত তথা বিশ্বজুৰি কভিড মহামাৰীৰ বিৰুদ্ধে অব্যাহত যুদ্ধখনত এক ঐতিহাসিক বিকাশ চিহ্নিত কৰি চেন্নাইস্থিত ফাৰ্মাচিউটিকেল প্ৰস্তুত তথা ৰপ্তানি কোম্পানী এপেক্স লেবৰেটৰীজ প্ৰাইভেট লিমিটেডে কভিড-১৯ৰ মৃদু আৰু মধ্যমীয়া অৱস্থাৰ বাবে সহায়ক উপায়ৰূপে এণ্টিভাইৰেল ঔষধ Clevira-ৰ অনুমোদন ঘোষণা কৰে৷ এই কোম্পানীটো যোৱা চাৰিটা দশকতকৈ অধিক সময়ৰ পৰা গৱেষণা, নৱোন্মেষণ আৰু গুণাগুণৰ বাবে পৰিচিত৷ Central Council for Research in Ayurvedic Sciences আৰু আয়ুস মন্ত্ৰ্যালয়ৰ দ্বাৰা গঠিত ১২ জনীয়া এক কাৰিকৰী কমিটী আৰু এইমছৰ ফাৰ্মাকোলজি বিভাগৰ প্ৰাক্তন প্ৰফেছাৰ ড॰ এছ কে মৌলিকৰ সভাপতিত্বত ইণ্টাৰ ডিছিপ্লিনাৰী টেকনিকেল ৰিভিউ কমিটীক পৰীক্ষণৰ বিভিন্ন স্তৰৰ মাধ্যমেৰে এই ঔষধটোৱে অনুমোদন লাভ কৰিছে৷ এই ঔষধটোক ২০১৭ চনত ডেংগু মহামাৰী আৰু সম্বন্ধিত মৃত্যু হাৰৰ প্ৰকোপ কমাবলৈ ভাৰতীয় বজাৰত মুকলি কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here