ক’ভিড-১৯ত আক্ৰান্ত প্ৰথম ব্যক্তিগৰাকী কোন?

0
864
২০১৯ চনত চীনৰ য়ুহান চহৰত প্ৰথম ক’ভিডৰ সংক্ৰমণ হয় আৰু পাছত সমগ্ৰ বিশ্বতে এই ভাইৰাছবিধ বিস্তাৰিত হয় আৰু ইয়াৰ সংহাৰী ৰূপে বিশ্বৰ ইতিহাসতে জোকাৰি যায়৷ বৰ্তমানেও সমগ্ৰ বিশ্বতে ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে৷ এই ভাইৰাছৰ দ্বাৰা কোটিৰ ঘৰত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যাও কোটিৰ ঘৰ চুইছেগৈ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি কোন জানিবলৈ হয়তো সকলোৱে বিচাৰে৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা এক তথ্য মতে চীনৰ য়ুহান চহৰৰ প্ৰাণীবজাৰৰ সাগৰীয় খাদ্য বিক্ৰী কৰা মহিলা ব্যৱসায়ী এগৰাকীয়ে প্ৰথমে ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি সদৰী কৰে৷ উল্লেখ্য যে য়ুহানৰ বজাৰৰ পৰা কিছু নিলগত থকা একাউনটেণ্ট এজন প্ৰথমে কৰ’নাত আক্ৰান্ত হৈছিল বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়া তদন্তত প্ৰকাশ পোৱা মতে প্ৰথম আক্ৰান্ত হিচাপে সাগৰীয় খাদ্য বিক্ৰী কৰা মহিলা ব্যৱসায়ীগৰাকীকহে চিনাক্ত কৰা হৈছে৷ সেয়েহে এই মহিলাগৰাকীয়ে হৈছে বিশ্বৰ ক’ভিডত আক্ৰান্ত প্ৰথম ব্যক্তি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here