কভিড ভেক্‌চিনৰ বুষ্টাৰ শ্বট্‌ সাময়িকভাৱে স্থগিত ৰখাৰ আহ্বান WHO-ৰ

0
2306
কভিড-১৯ৰ বুষ্টাৰ শ্বট্‌ অন্ততঃ ছেপ্টেম্বৰৰ শেষপৰ্যন্ত সাময়িকভাৱে স্থগিত ৰাখিবলৈ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই আহবান জনাইছে৷ কাৰণ ধনী আৰু দুখীয়া দেশবোৰৰ মাজত কভিড-১৯ৰ ভেক্‌চিনৰ বিতৰণত ব্যাপক বৈষম্য হৈছে আৰু সেইটো দূৰ কৰিব লাগিব৷ WHO-ৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে কভিড-১৯ৰ ভেক্‌চিনৰ ড’জ যোগান নিয়ন্ত্ৰণ কৰা দেশবোৰ আৰু কোম্পানীবোৰক তৎক্ষণাৎ পথ সলনি কৰিবলৈ আৰু কম সম্পদশালী ৰাষ্ট্ৰসমূহক অগ্ৰাধিকাৰ দিবলৈ কালি আহ্বান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here