কভিড পৰিস্থি্‌তিৰ সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰশংসনীয় পদক্ষেপ

0
1176

তেওঁলোকৰ কাহিলিপাৰাস্থিত দুমহলীয়া ঘৰটো কভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে কভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে প্ৰশাসনক প্ৰদান কৰাৰ বাবে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে৷

কৰ’না মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ ফলত দিনক দিনে সমগ্ৰ দেশৰ অৱস্থা শোচনীয় হ’বলৈ ধৰিছে৷ দেশৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে বহুতো মানুহে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ এনে অৱস্থাত বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু ছুডে কভিডৰ প্ৰথম ঢৌৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে কভিড আক্ৰান্ত ৰোগী তথা সাধাৰণ জনতাৰ হিতৰ কাৰণে নিজৰ এশ শতাংশ বৰঙনি আগবঢ়াই আহিছে৷ ছনু ছুডৰ বাহিৰেও বহুকেইজন তাৰকাই সাধাৰণ জনতাক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে৷ শেহতীয়াকৈ এই তালিকাত ছাৰাহ আলী খান আৰু বিৰাট-দম্পতীৰ লগতে অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ নামো সাঙোৰ খোৱা বুলি জানিব পৰা গৈছে৷ অসমৰ ভয়াৱহ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াই তেওঁৰ ইনষ্টাগ্ৰাম পেজযোগে ঘোষণা কৰিছে যে তেওঁলোকৰ কাহিলিপাৰাস্থিত দুমহলীয়া ঘৰটো কভিড কেয়াৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে কভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে প্ৰশাসনক প্ৰদান কৰাৰ বাবে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিৰাট-দম্পতীয়েও দেশৰ কভিড পৰিস্থিতি সন্দৰ্ভত দেশলৈ দুই কোটি টকাৰ বৰঙনি আগবঢ়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here