কভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি জাৰি

0
1481

ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পিসমূহ ৩০ এপ্ৰিলপৰ্যন্ত কঠোৰভাৱে বলৱৎ কৰা হৈছে৷আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৬ বজাৰ পাছত বজাৰ, শ্বপিংমল, ছুপাৰ মাৰ্কেট আদি বন্ধ কৰা হৈছে৷

২০ এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে অসমত কভিড পৰিস্থিতি সন্দৰ্ভত নতুন এছ অ’ পি জাৰি কৰিছে৷ এক সংবাদমেলযোগে অসম সচিবালয়ৰ সভাকক্ষত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৰাজ্যত কৰ’নাজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে আজি নতুন এছ অ’ পি জাৰি কৰে৷ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি ২০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সন্ধিয়া ৬ বজাৰ পাছত বজাৰ, শ্বপিংমল, ছুপাৰ মাৰ্কেট আদি বন্ধ কৰা হৈছে৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত কৰা হৈছে৷ ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শিক্ষানুষ্ঠানসমূহ খুলিব পাৰিব৷ বিবাহ বা ঘৰুৱা অনুষ্ঠানত ১০০জন লোকৰ উপস্থিতিতহে অনুষ্ঠান সম্পন্ন কৰিব পাৰিব৷ আনহাতে মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ শ্মশানত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব৷ যিকোনো অনুষ্ঠান পাতিবলৈ প্ৰশাসনৰ আগতীয়া অনুমতি ল’ব লাগিব আৰু সেই অনুষ্ঠানত সৰ্বাধিক ৪০০জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব৷ চিনেমাহল বা আন প্ৰেক্ষাগৃহসমূহত ৫০ শতাংশ আসনৰ অনুমতি দিয়া হৈছে৷ গৰ্ভৱতী মহিলা কৰ্মচাৰী বা ৫ বছৰৰ তলৰ শিশু থকা মাতৃসকলে ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম-কাজ পৰিচালনা কৰিব লাগিব৷ অটোৰিক্সা, ওলা, উবেৰ বা আন যান-বাহনৰ ক্ষেত্ৰত চালকজনক ধৰি মাত্ৰ দুজন যাত্ৰীৰেহে যাত্ৰাৰ অনুমতি দিয়া হৈছে৷ দোকানৰ ক্ষেত্ৰত দোকানী, গ্ৰাহক উভয়ে মাস্ক পিন্ধা, দোকানত হেণ্ড ছেনিটাইজাৰ ৰখা, সামাজিক দূৰত্ব বৰ্তাই ৰাখি একে সময়তে মাত্ৰ ৫ জন লোকহে সমবেত হ’ব পাৰিব৷ চিটিবাছ বা আন্তঃজিলালৈ চলাচল কৰা যাত্ৰীবাহী বাছসমূহৰ ক্ষেত্ৰত ৫০ শতাংশ যাত্ৰীৰেহে চলাব পাৰিব৷ ধমীৰ্য় দৰ্শনস্থলীসমূহত এঘণ্টাত ২০জন লোকৰ অনুমতি দিয়া হৈছে৷ চেলুন, পাৰ্লাৰ, স্পাসমূহ কভিড প্ৰট’কলৰ নিয়ম মানিহে খুলিব পাৰিব৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী৷ অন্যথা এহেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব৷ আনহাতে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিমানখিনি সম্ভৱ ঘৰৰ পৰাই কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়৷ উপৰিউক্ত ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পিসমূহ ৩০ এপ্ৰিলপৰ্যন্ত কঠোৰভাৱে বলৱৎ কৰা হৈছে৷

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ আহবান জনায়৷ মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰে যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰে কিছু নীতি-নিদেৰ্শনা প্ৰস্তুত কৰিছে৷ এই নীতি-নিৰ্দেশনা সকলোকে নিষ্ঠাৰে পালন কৰিবলৈ আহবান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here