কভিড পৰিস্থিতিত চিকিৎসকসকলৰ বৰঙনি প্ৰশংসনীয়: প্ৰধানমন্ত্ৰী

0
1304
কৰ’না ভাইৰাছৰ পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰাত চিকিৎসকসকলৰ বৰঙনিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে আৰু কয় যে দেশখনত স্বাস্থ্য আন্তঃগাঁথনি অধিক শক্তিশালী কৰাত তেওঁৰ চৰকাৰে সৰ্বাধিক জোৰ দিছে৷ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে যোৱা ১ জুলাইত ভাৰতীয় চিকিৎসা সন্থাই আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে এজন লোকৰ জীৱন হানি হোৱাটোও দুঃখজনক৷ তেওঁ কয় যে ভাৰতে ইয়াৰ লাখ লাখ লোকৰ প্ৰাণ ৰক্ষা কৰিলে আৰু প্ৰতি এক লাখ জনসংখ্যাত কভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰৰ ক্ষেত্ৰত বেছি উন্নত আৰু সমৃদ্ধ দেশবোৰতকৈ ভাৰতৰ অৱস্থা যথেষ্ট ভাল৷ ইয়াৰ বেছিভাগ কৃতিত্ব চিকিৎসকসকল, স্বাস্থ্য কৰ্মীসকল আৰু আগশাৰীৰ কৰ্মীসকলৰ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ১৫ হাজাৰ কোটি টকা আবণ্টন দিছিল৷ এই বছৰ স্বাস্থ্যখণ্ডৰ বাবে বাজেটত আবণ্টন কৰা হৈছে ২ লাখ কোটিৰো অধিক টকা৷ এতিয়া স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰিবৰ বাবে ৫০ হাজাৰ কোটি টকাপৰ্যন্ত ‘ক্ৰেডিট গেৰাণ্টি স্কীম’ এখন প্ৰৱৰ্তন কৰিছে৷ উল্লেখ্য যে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীক ১ জুলাইত চিকিৎসক দিৱসৰূপে পালন কৰা হয়৷ কভিডৰ বিৰুদ্ধে যুঁজত প্ৰাণ হেৰুওৱা চিকিৎসকসকলৰ প্ৰতি মোদীয়ে শ্ৰদ্ধা নিৱেদন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here