কভিড প্ৰট’কল মানি বিহু আয়োজন কৰিবলৈ প্ৰশাসনৰ আহবান

0
1649

বিহু উদ্‌যাপন সমিতিৰ সকলো কাৰ্যকৰ্তাই তিনি দিন পূৰ্বে ক’ৰনা পৰীক্ষা কৰিব লাগিব৷

অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিনৰহে অপেক্ষা৷ গছৰ ডালত কুলিৰ মাতে ইতিমধ্যে লৈ আহিছে ব’হাগৰ বতৰা৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ দৰে ব্যস্ততাপূৰ্ণ মহানগৰৰ চৌদিশেও এই সময়ছোৱাত এক ব্যাপক প্ৰস্তুতিৰ আয়োজন কৰা হৈছে৷ কৰ্মব্যস্ততাৰ মাজতো মহানগৰবাসীয়ে বিহুৰ পৰম্পৰা ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো কৰ’না ভাইৰাছৰ আতংকই পুনৰ বিহুৰ পৰিৱেশ সলনি কৰি পেলোৱাৰ উপক্ৰম ঘটিছে৷ তাৰ মাজতে কভিড বিধি মানি বিহু উদ্‌যাপনৰ বাবে বিহু সমিতিৰ উদ্যোক্তাসকলে প্ৰস্তুতি পূৰ্ণগতিত চলাইছে৷ বিহুৰ আখৰাকে ধৰি সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে মহানগৰৰ সকলোবোৰ বিহু সমিতিয়ে ব্যাপক প্ৰস্তুতিৰে কাৰ্যসূচী তৈয়াৰ কৰিছে৷ ইয়াৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰ’নাৰ প্ৰাৰ্দুভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান গাইডলাইন জাৰি কৰিছে৷ গাইডলাইন অনুসৰি, বিহু আয়োজক সমিতিয়ে প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগিব৷ বিহু উদ্‌যাপন সমিতিৰ সকলো কাৰ্যকৰ্তাই তিনি দিন পূৰ্বে ক’ৰনা পৰীক্ষা কৰিব লাগিব৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিহুৰ সাংস্কৃতিক অনুষ্ঠান নিশা ১১ বজাৰ পাছত বন্ধ কৰিবলৈ কোৱা হৈছে৷ বিহুথলীবোৰত মানুহৰ সমাগম সীমিত কৰিবলৈও কোৱা হৈছে৷ বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁতে বিহুস্থলীত সকলো লোককে মাস্ক পিন্ধা, ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷ বিহু সন্মিলনৰ কাৰ্যসূচীসমূহত কিমান মানুহৰ সমাগম হ’ব, তাক আগতীয়াকৈ প্ৰশাসনক জনাব লাগিব৷ তাৰোপৰি সামাজিক দূৰত্ব মানি চলি বিহুৰ কাৰ্যসূচীসমূহ পালন কৰিবলৈ কোৱা হৈছে৷

গুৱাহাটী মহানগৰত প্ৰতিবছৰে প্ৰায় ৬০খনৰো অধিক বিহু সন্মিলনৰ আয়োজন কৰা হয়৷ ইয়াৰ অধিকাংশ বিহু সন্মিলন অহা ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব৷ আনহাতে বিহু ব্যস্ততাৰ মাজতেই মহানগৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ’ব বিহু মেলা, মৌ কুঁৱৰী, বিহুকুঁৱৰী, বৰবিহুৱতী আদি প্ৰতিযোগিতা৷ ইফালে মহানগৰৰ প্ৰতিখন বিহু সন্মিলনীয়ে নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে নামী-দামী শিল্পীক অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনায়৷ সেয়েহে আমাৰ হিয়াৰ আমঠু, বাপতিসাহোন ৰঙালী বিহুটি যাতে সকলোৱে আনন্দেৰে উদ্‌যাপন কৰিব পাৰোঁ, সেই কথাটো লক্ষ্য ৰাখিব লাগে৷ বৰ্তমান কৰ’না কালৰ সময়ত আমি সকলোৱে কভিড প্ৰট’কলসমূহ মানি চেনেহৰ বিহুটি আদৰিবলৈ সাজু হওঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here