কভিড পজিটিভ প্ৰসূতিয়ে জন্ম দিলে যমজ সন্তান ক’ত, কেতিয়া?

0
601
কভিডৰ সংহাৰী ৰূপত এফালে যদি মৃত্যুৰ বিভীষিকা, আনফালে জীৱন-সংগ্ৰামত সৃষ্টিৰ দস্তাবেজ৷ ডিব্ৰুগড় জিলাত নিতৌ কভিড ৰোগীৰ মৃত্যুৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈ থকাৰ মাজতে যোৱা ২১ মে’ত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ এ এম চি এইচত এগৰাকী কভিড পজিটিভ প্ৰসূতিয়ে জন্ম দিয়ে যমজ সন্তান৷ প্ৰসূতিগৰাকীয়ে জন্ম দিয়া দুয়োটি শিশু সম্পূৰ্ণ সুস্থ অৱস্থাত থকা বুলি চিকিৎসালয়ৰ সূত্ৰই জনায়৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ৩৪ বছৰীয়া প্ৰসূতিগৰাকীয়ে আই ভি এফ পদ্ধতিৰ জৰিয়তে সন্তান দুটিৰ জন্ম দিয়ে৷ মন কৰিবলগীয়া যে ১৪ বছৰ মহিলাগৰাকী নিঃসন্তান হৈ আছিল৷ এ এম চি এইচৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ৰমেশ সোণোৱালৰ নেতৃত্বত চিকিৎসক, নাৰ্ছ, সহায়কৰ দলে সফলতাৰে অস্ত্ৰোপচাৰ চলাইছিল৷ এ এম চি এইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কুমাৰ কাকতীয়ে জনায় যে বৰ্তমান মাক আৰু দুয়োটা সন্তান সুস্থ হৈ আছে৷ যমজ সন্তান দুটিৰ এটা ল’ৰা আৰু আনটি ছোৱালী৷ জন্মৰ সময়ত ল’ৰাটোৰ ওজন ২.৫ কেজি আৰু কন্যা সন্তানটিৰ ওজন ২ কেজি৷ দুয়োটি সন্তানৰ কভিড পৰীক্ষা কৰাত নিগেটিভ পোৱা যায়৷ উল্লেখ্য যে কভিডৰ সংক্ৰমণৰ সময়ত এতিয়ালৈকে এ এম চি এইচত ১০০ সন্তান জন্ম হৈছে বুলি ডাঃ কাকতীয়ে জনায়৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এগৰাকী কভিড পজিটিভ প্ৰসূতিয়ে এ এম চি এইচত সুস্থ যমজ সন্তান জন্ম দিয়াত অভিনন্দন জনোৱাৰ উপৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক ধন্যবাদ জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here