কভিড নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা হ’ব: স্বাস্থ্য মন্ত্ৰ্যালয়

0
913
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা ৯খন ৰাজ্যত নমুনা পৰীক্ষা আৰু টিকাকৰণ বৃদ্ধি, স্বাস্থ্য আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু কাৰ্যকৰী ক্লিনিকেল মেনেজমেণ্টকে ধৰি কিছুমান ব্যৱস্থাত গুৰুত্ব দিয়া হ’ব৷ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, কেৰালা, মেঘালয়, নগালেণ্ড, ওড়িষা, ত্ৰিপুৰা আৰু ছিকিম এই ৯খন ৰাজ্যলৈ দিয়া এখন চিঠিত মন্ত্ৰ্যালয়ে উদ্বেগৰ ক্ষেত্ৰসমূহ দাঙি ধৰে৷ কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সমূহীয়া প্ৰচেষ্টা শক্তিশালী কৰাৰ প্ৰয়োজন বুলি দৃঢ় মত প্ৰকাশ কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে টেষ্টিং আৰু টিকাকৰণ বৃদ্ধি, স্বাস্থ্যৰ আন্তঃগাঁথনিৰ পৰিকল্পনা, কভিড-উপযোগী আচৰণ অনুসৰণ আৰু কাৰ্যকৰী ক্লিনিকেল মেনেজমেণ্ট এই ৰাজ্যসমূহে ল’ব লগীয়া ব্যৱস্থাৱলীৰ ভিতৰত উল্লেখযোগ্য৷ ভূষণে কয় যে অসমত সংক্ৰমণ কমিছে যদিও ৩৩খন জিলাৰ ভিতৰত চাৰিখনত যোৱা চাৰি সপ্তাহত সংক্ৰমণ বাঢ়িছে আৰু ২৯খন জিলাত 8 জুলাইত শেষ হোৱা সপ্তাহটোত দিনে ১০০তকৈ বেছি লোক আক্ৰান্ত হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here