কভিড চিকিৎসাৰ পৰা বাদ পৰিল নেকি প্লাজমা থেৰাপি?

0
909

প্লাজমা থেৰাপিৰ দ্বাৰা জটিল কভিড ৰোগীৰ নিৰাময় অথবা মৃত্যু ৰোধৰ ক্ষেত্ৰত বিশেষ উপকাৰিতা পোৱা হোৱা নাই ৷

কভিড চিকিৎসাৰ পৰা অৱশেষত বাদ দিয়া হ’ল প্লাজমা থেৰাপি৷ কভিড চিকিৎসাত কনভালচেণ্ট প্লাজমা থেৰাপি কাৰ্যকৰী নহয় বুলি শেহতীয়াকৈ প্ৰমাণিত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰিছে৷ উল্লেখ্য যে কৰ’না প্ৰতিৰোধৰ বাবে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ আৰু আই চি এম আৰ-এ কভিডত আক্ৰান্ত লোকক প্লাজমা থেৰাপি প্ৰদান কৰাৰ সন্দৰ্ভত দীৰ্ঘদিন অধ্যয়ন চলাই আছিল৷ বিশেষজ্ঞসকলৰ মতে, প্লাজমা থেৰাপিৰ দ্বাৰা জটিল কভিড ৰোগীৰ নিৰাময় অথবা মৃত্যু ৰোধৰ ক্ষেত্ৰত বিশেষ উপকাৰিতা পোৱা হোৱা নাই৷  ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ আৰু আই চি এম আৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত কভিড চিকিৎসাৰ পৰা প্লাজমা থেৰাপিক বাদ দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ মন কৰিবলগীয়া কথা যে বিগত বৰ্ষত কৰ’নাই দেশত জটিল ৰূপ ধাৰণ কৰাৰ  সময়তে কেন্দ্ৰীয় চৰকাৰে কনভালচেণ্ট প্লাজমা থেৰাপিৰ অনুমোদন দিছিল৷ ইয়াৰ পাছতে অসম  চৰকাৰেও প্লাজমা থেৰাপিত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত প্লাজমা বেংক স্থাপন কৰিছিল৷ ইফালে ৰাজ্যত প্লাজমাৰ নামত দীৰ্ঘদিন এখন ক’লা বজাৰ চলি থকাৰো অভিযোগ উত্থাপন হৈ আহিছিল৷ এনে অৱস্থাতে কেন্দ্ৰীয় চৰকাৰে কভিড চিকিৎসাৰ পৰা প্লাজমা থেৰাপি বাদ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here